কংগ্ৰেছত যোগদান কৰোৱাৰ নামত ধনৰ লেনদেনৰ অভিযোগ খোদ কংগ্ৰেছীৰ - RANGIA CONGRESS PROTEST
🎬 Watch Now: Feature Video
Published : Oct 30, 2024, 10:02 AM IST
ৰঙিয়া: ৰঙিয়াত কংগ্ৰেছৰ বিৰুদ্ধে যুৱ কংগ্ৰেছৰ প্ৰতিবাদ । ৰাজীৱ ভৱনৰ চৌহদতে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ প্ৰতিকৃতি দাহ কৰিলে দলীয় কৰ্মীয়ে । জিলা সভাপতি কংকন দাসৰ প্ৰতিকৃতি দাহ কৰি বিস্ফোৰণ ঘটালে যুৱ কংগ্ৰেছে ।
উত্থাপিত অভিযোগ মতে, ড্ৰাগছ মাফিয়া, গো-মাফিয়া, ছুপাৰি মাফিয়াৰ পৰা ধনৰ লেনদেন কৰে কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসে । আনকি বিজেপি, অগপ, আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ পৰা কংগ্ৰেছত যোগদান কৰিবলৈ অহা নেতাৰ পৰা ধন বিচাৰে কংগ্ৰেছৰ জিলা সভাপতিগৰাকীয়ে ।
উত্থাপিত অভিযোগ মতে, অন্য দলৰ এগৰাকী জেষ্ঠ নেতাক কংগ্ৰেছত যোগদান কৰাই দিয়াৰ নামত ২ লাখ টকাৰ লেনদেন কৰিছে জিলা সভাপতি কংকন দাসে । শেহতীয়াভাৱে বহু লোকৰ পৰা ধনৰ লেনদেন হোৱা তথ্য সংগ্ৰহ কৰি কংকন দাসৰ বিৰুদ্ধে এটাৰ পিছত আন এটা বিস্ফোৰণ ঘটালে যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক কামাল আলী আৰু ৰাজ্যিক সম্পাদক চাহাবুদ্দিন আহমেদে । এই ক্ষেত্ৰত উচিত তদন্ত কৰি কামৰূপ জিলা কংগ্ৰেছৰ সভাপতি কংকন দাসৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে যুৱ কংগ্ৰেছে ।