শিলচৰত জ্বলিল হিমন্ত বিশ্ব শৰ্মা-পীযুষ হাজৰীকা-নীতিশ কুমাৰৰ পুত্তলিকা - Youth Congress protest - YOUTH CONGRESS PROTEST
🎬 Watch Now: Feature Video
Published : Jul 25, 2024, 5:42 PM IST
শিলচৰ,২৫ জুলাই: শিলচৰত জ্বলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযুষ হাজৰীকা আৰু বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্তলিকা । বাজেটৰ বিৰোধিতা আৰু বিহাৰত কেন্দ্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস ভি বিক আক্ৰমণৰ প্ৰতিবাদত শিলচৰত তিনিওৰে পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কাছাৰ জিলা যুৱ কংগ্ৰেছ কৰ্মীয়ে । শিলচৰ জিলা কংগ্ৰেছৰ কাৰ্যালয়ৰ পৰা এক সমদল কৰি চহৰৰ পাৰ্কৰোড পইন্টত তিনিওৰে পুত্তলিকা দাহ কৰে যুৱ কংগ্ৰেছ কৰ্মীসকলে ।
যুৱ কংগ্ৰেছীসকলৰ অভিযোগ, ২০২২ চনত প্ৰলয়ংকৰী বানে সমগ্ৰ শিলচৰ চহৰৰ তচনচ কৰিছিল । এইবাৰৰ বাজেটত দেশৰ আন ৰাজ্যক বান সাহায্য হিচাপে বিশেষ পেকেজ দিয়া হৈছে । কিন্ত অসমক দিয়া হোৱা নাই কোনো বিশেষ পেকেজ । যাৰ বিৰোধিতাৰে বৃহস্পতিবাৰে যুৱ কংগ্ৰেছীসকলে শিলচৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ পুত্তলিকা দাহ কৰে । আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীতে বিহাৰত কেন্দ্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস ভি বিৰ ওপৰত হোৱা আক্ৰমণৰ প্ৰতিবাদত যুৱ কংগ্ৰেছীসকলে দাহ কৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পুত্তলিকা ।