জঘন্য কাণ্ড! যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰি গ্ৰেপ্তাৰ প্ৰাক্তন আছু কৰ্মী - Viral video of Narayanpur

By ETV Bharat Assamese Team

Published : Jun 10, 2024, 9:33 PM IST

thumbnail
প্ৰাক্তন আছু কৰ্মীৰ বিৰুদ্ধে অভিযোগ (ETV BHARAT ASSAM)

বিহপুৰীয়া, ১০ জুন : এজন প্ৰাক্তন আছু কৰ্মীৰ বিৰুদ্ধে যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । এই জঘন্য কাণ্ডটো সংঘটিত হৈছে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ শিমলুগুৰিত ৷ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত পুলিনাহৰণি গাঁৱৰ বিতোপন বৰা নামৰ যুৱকজনৰ বিৰুদ্ধে একে গাঁৱৰে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷  

উত্থাপিত অভিযোগ অনুসৰি ৪-৫ বছৰমান পূৰ্বে প্ৰাক্তন আছু কৰ্মী বিতোপন বৰাৰ ঘৰৰ সমীপৰে এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল । স্নাতক দ্বিতীয় ষান্মাসিকৰ ছাত্ৰীগৰাকীক পৰৱৰ্তী সময়ত বিতোপনে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলায় । ফলত এই কৰ্মৰ বাবে যুৱতীগৰাকীয়ে বিতোপনৰ সৈতে সম্পৰ্ক প্ৰেমৰ ছেদ কৰে । উক্ত কাৰ্যত ক্ষুন্ন হৈ পৰা যুৱকজনে যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ' আৰু ফটো ভাইৰেল কৰে  ৷  

উক্ত জঘন্য কাণ্ডৰ পিছতে যুৱতীগৰাকীৰ পিতৃয়ে শিমলুগুৰি আৰক্ষী চকীত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে । উক্ত এজাহাৰৰ পিছতে যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷ ইপিনে,অভিযুক্ত যুৱকজনে নিজকে প্ৰাক্তন আছু কৰ্মী নহয় বুলি দাবী কৰিছে । যুৱকজনে তেওঁৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ ৰচনা কৰা বুলিও প্ৰতিঅভিযোগ কৰে ।

লগতে পঢ়ক: যুৱতীক নিৰ্যাতনৰ ভাইৰেল ভিডিঅ’ক লৈ অসম আৰক্ষীৰ প্ৰতিক্ৰিয়া

প্ৰেমিকে ভাইৰেল কৰিলে গোপন ফটো; আত্মহননৰ চেষ্টা প্ৰেমিকাৰ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.