চাঞ্চল্যকৰ : জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত আহত কনিষ্ঠ ভাতৃ
🎬 Watch Now: Feature Video
গুৱাহাটী, 25 ফেব্ৰুৱাৰী : শনিবাৰে নিশা মহানগৰীৰ পশ্চিম বৰাগাঁৱত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা ৷ জ্যেষ্ঠ ভাতৃৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় কনিষ্ঠ ভাতৃ ৷ ঘটনাৰ পিচতেই ততাতৈয়াকৈ আহত জনক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
জানিব পৰা মতে বৰাগাঁৱৰ বাসিন্দা কৰ্ণ দাস আৰু কমল দাস নামৰ দুই ভাতৃয়ে কামৰ পৰা আহি চাহ খাই কথা পাতি আছিল ৷ তেনে সময়তে দুই ভাতৃৰ মাজত পাৰিবাৰিক কথাক লৈ সংঘাত হয় ৷ ইয়াৰ পিচতে জ্যেষ্ঠ ভাতৃ কমলে কনিষ্ঠ ভাতৃ কৰ্ণক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে ৷ লগে লগে ঢলি পৰে কৰ্ণ ৷
পিচত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় কৰ্ণক ৷ এতিয়া ককায়েকৰ দাৰ ঘাপত মৃত্যুৰ ক্ষণ গণিছে কৰ্ণই ৷ নিশাই ঘটনাস্থলীত গড়চুক আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : বোকাখাতৰ নাহৰজান চাহ বাগিচাৰ 18 নং লাইনত উদ্ধাৰ নৰকংকাল