thumbnail

যুৱকৰ মহানুভৱতা : বন্যাৰ্তৰ সুবিধাৰ্থে আশ্ৰয় শিবিৰত ফেনৰ যোগান - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 8, 2024, 6:04 PM IST

জোনাই, ৮ জুলাই : প্ৰতি বছৰৰ দৰে এইবাৰো ধেমাজি জিলাৰ বিভিন্ন অঞ্চল বানৰ কবলত পৰিছে । জিলাখনৰ বহু লোক গৃহহীন হৈ পৰিছে । আশ্ৰয় শিবিৰত তেওঁলোকে দিন-ৰাতি অতিবাহিত কৰিছে । কিন্তু বানপীড়িতৰ বাবে বহু শিবিৰত নাই উপযুক্ত সা-সুবিধা । প্ৰচণ্ড গৰমত আশ্ৰয় শিবিৰত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বানপীড়িত লোকসকল ।

এনে পৰিস্থিতিত বান শিবিৰত থকা লোকসকলৰ কাষ চাপিছে ধেমাজিৰ এগৰাকী যুৱক । যুৱকজনে আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে । আশ্ৰয় শিবিৰত থকা লোকসকলৰ সুবিধাৰ বাবে তেওঁ বিতৰণ কৰিছে চিলিং ফেন । জোনাই নেপালবস্তি গাঁৱৰ নিবাসী তথা জোনাই আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি উজ্জ্বল লাগাছুৱে সোমবাৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জোনাই মহকুমা প্ৰশাসনে স্থাপন কৰা বান শিবিৰত উপস্থিত হয় আৰু চিলিং ফেনসমূহ বিতৰণ কৰে ।

বান শিবিৰৰ তত্ত্বাৱধায়ক তথা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰাণজিৎ পেগুৰ হাতত যুৱকজনে চিলিং ফেনসমূহ প্ৰদান কৰে ৷ উল্লেখ্য যে জোনাই ৰাজহ চক্ৰৰ অৰ্ন্তগত শিৱগুৰিত বানে সংহাৰী ৰূপ ধাৰণ কৰাত পীড়িত লোকসকলে শিবিৰটোত বিগত প্ৰায় ১ সপ্তাহ ধৰি আশ্ৰয় লৈ আছে । ইফালে যুৱকজনৰ এই প্ৰচেষ্টাক সকলোৱে আদৰণি জনায় ।

লগতে পঢ়ক :কলিয়াবৰত বানৰ প্ৰলয় : ঔষধৰ টোপোলা লৈ শিবিৰে শিবিৰে চিকিৎসাকৰ্মীৰ দল - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.