thumbnail

বিশ্ব ধঁপাতবিৰোধী দিৱস : সজাগতামূলক শোভাযাত্ৰা ছাত্ৰ-ছাত্ৰীৰ - WORLD NO TOBACCO DAY

By ETV Bharat Assamese Team

Published : May 31, 2024, 4:31 PM IST

কলিয়াবৰ, 31 মে’ : আজি বিশ্ব ধঁপাতবিৰোধী দিৱস ৷ এই দিৱস উপলক্ষে ধঁপাতৰ পৰা হোৱা ক্ষতি সম্পৰ্কে সজাগতামূলক শোভাযাত্ৰা বাহিৰ কৰে জখলাবন্ধাস্থিত হিন্দুস্থানী কেন্দ্ৰীয় বিদ্যালয়ে ৷ প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাত হাতে হাতে বেনাৰ লৈ ধঁপাতৰ পৰা হ'ব পৰা ক্ষতি সম্পৰ্কে জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰে ৷ বাঘজানৰ পৰা ওলোৱা এই শোভাযাত্ৰা জখলাবন্ধাত সমাপ্ত হয় ৷

উল্লেখযোগ্য যে, বিশ্ব ধঁপাতবিৰোধী দিৱস সমগ্ৰ বিশ্বতে প্ৰতিবছৰে মে’ মাহৰ 31 তাৰিখে পালন কৰা হয় ৷ ইয়াৰ উদ্দেশ্য হ'ল ধঁপাত গ্ৰহণ আৰু বৰ্জন কৰিবলৈ জনগণক উৎসাহিত কৰাৰ লগতে ধঁপাত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰভাৱৰ বিষয়ে জনসাধাৰণক সজাগ কৰা ৷ উল্লেখযোগ্য যে, ধঁপাত সেৱনৰ ফলত প্ৰতিবছৰে পৃথিৱীত প্ৰায় 8 মিলিয়ন লোকৰ মৃত্যু হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে 1987 চনৰ পৰা এই দিৱস পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ 

লগতে পঢ়ক : প্লাষ্টিকমুক্ত ব্ৰহ্মপুত্ৰ গঢ়াৰ লক্ষ্য ডিব্ৰুগড়ৰ ধীৰাজ বিকাশ গগৈৰ - Plastic Free Brahmaputra

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.