মানাহ ৰাষ্ট্ৰীয় উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন - World Elephant day

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 5:01 PM IST

thumbnail
মানাহ ৰাষ্ট্ৰী উদ্যানত বিশ্ব হস্তী দিৱস উদযাপন (ETV Bharat Assam)

বাক্সা, ১২ আগষ্ট : ১২ আগষ্টৰ দিনটো সমগ্ৰ বিশ্বতে বিশ্ব হস্তী দিৱস হিচাপে উদযাপন কৰা হয় ৷ একেদৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানতো সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় বিশ্ব হস্তী দিৱস ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী বনাঞ্চলৰ মহল কেম্পত উদযাপন কৰা হয় এই হস্তী দিৱস । বিশ্ব হস্তী দিৱস উপলক্ষে পুৱা উদ্যানখনৰ পোহনীয়া হাতীসমূহক গা ধুৱাই চাফ-চিকুণ কৰি স্বাস্থ্য পৰীক্ষা কৰোৱা হয় । লগতে পৰম্পৰাগত পূজা-অৰ্চনাৰে বিভিন্ন ফল-মূল, খাদ্য-সামগ্ৰী যোগান ধৰা হয় ।  ইয়াৰ পিছতে মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ কেইবাগৰাকীও বিষয়ববীয়াৰ উপস্থিতিত হাতীসমূহৰ লগত ওতঃপ্ৰোতভাৱে জড়িত মাউত আৰু বনকৰ্মীসকলৰো স্বাস্থ্য পৰীক্ষা কৰা হয় ৷  

ইয়াৰ উপৰি হস্তী-মানুহৰ সংঘাত দূৰীকৰণৰ বাবে ঠায়ে ঠায়ে সজাগতামুলক সভা অনুষ্ঠিত কৰা বুলিও জানিবলৈ দিয়ে উদ্যান কৰ্তৃপক্ষই ।

উল্লেখ্য যে মানাহত বৰ্তমান পৰ্যটকৰ বাবে ৪৯ টা হাতী থকা বুলি জানিবলৈ দিয়াৰ লগতে হাতী সংৰক্ষণৰ বাবে বিশ্ববাসীক একত্ৰিত হোৱাৰ আহ্বান জনাই মানাহ অভয়াৰণ্য কৰ্তৃপক্ষই ।

লগতে পঢ়ক :হাতী সংৰক্ষণৰ বাবে উদযাপিত এটি বিশেষ দিন: বিশ্ব হস্তী দিৱস - World Elephant Day
লগতে পঢ়ক :২৬ বছৰেও ন্যায় নাপালে বাক্সা জিলা বৰমাৰ মিথিংগা দৈমাৰীৰ পৰিয়ালে - Secret Killing in Baksa

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.