ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটা জহলি গীত প্ৰসাৰৰ পদক্ষেপ - TEA TRIBE JAHALI SONGS
🎬 Watch Now: Feature Video


Published : Oct 27, 2024, 11:09 PM IST
কাজিৰঙা: কৰম পূজা আৰু টুচু পূজাৰ প্ৰচাৰ আৰু প্ৰসাৰ ৰাজ্যৰ বিভিন্ন স্থানত থাকিলেও অসমৰ চাহ জনগোষ্ঠীয় লোকসকলে উদযাপন কৰা চহৰাই পৰৱৰ জনপ্ৰিয়তা যথেষ্ট কম ৷ কালি পূজাৰ সময়ত চাহ জনগোষ্ঠীয়ে উদযাপন কৰা চহৰাই পৰৱৰ সাংস্কৃতিক অংগ জাহলি গীতসমূহো ক্ৰমাৎ হেৰাই যোৱাৰ উপক্ৰম ঘটিছে ৷
নৱ প্ৰজন্মৰ মাজত যাতে গীতসমূহ পুনৰ চৰ্চিত হয় তাৰবাবেই অসম চাহ জনগোষ্ঠী সাহিত্য সভাই অনুষ্ঠিত কৰে এখন কৰ্মশালাৰ ৷ অসম চাহ জনগোষ্ঠী সাহিত্য সভা, কাজিৰঙা শাখাৰ উদ্যোগত চাহ জনগোষ্ঠীয় আদিবাসীসকলৰ অন্যতম উৎসৱ 'চহৰাই পৰৱ'ৰ সাংস্কৃতিক অংগ জাহলি গীতৰ কৰ্মশালা দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় ৷ তদুপৰি, কৃষি ভিত্তিক চহৰাই পৰৱৰ পৰম্পৰাগত পদ্ধতিও প্ৰদৰ্শন কৰা হয় ৷
এই অনুষ্ঠানৰ আৰম্ভণিতে কাজিৰঙা অধ্যয়ন চক্ৰৰ কাৰ্যকৰী সদস্য নিশিতা বেলুৱাৰৰ পৰিকল্পনা আৰু প্ৰেৰণা পাণিকাৰ পৰিচালনাত অনুষ্ঠিত হয় ছোৱালী সন্তান সুৰক্ষা সম্বন্ধীয় এখনি বাটৰ নাট ৷ ইয়াৰ পাছতেই কৰ্মশালাৰ বন্তি প্ৰজ্বলন কৰে দশৰথ মুণ্ডাই ৷ অনাতাঁৰ শিল্পী নুনুসিং কৰ্মকাৰ মুখ্য প্ৰশিক্ষক হিচাপে থকা কৰ্মশালাৰ আঁত ধৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভা, কাজিৰঙা শাখাৰ সভাপতি পৰমেশ্বৰ পাণিকা আৰু সম্পাদক তথা সাংবাদিক বিতোপন মাঋিয়ে ৷