হাত নাও ডুবি মাজুলীত মহিলা সন্ধানহীন, উদ্ধাৰ অভিযান অব্যাহত - Boat sank in majuli

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 12:40 PM IST

thumbnail
হাত নাও ডুবি মাজুলীত মহিলা সন্ধানহীন, উদ্ধাৰ অভিযান অব্যাহত (ETV Bharat Assam)

মাজুলী, 31 জুলাই: উজনি মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত জাৱৰচুক কাঠনিত মঙলবাৰৰ সন্ধিয়া সংঘটিত হয় এক শোকাৱহ ঘটনা ৷ সন্ধিয়া প্রায় 6.30 বজাত মাছ মাৰিবলৈ গৈ হাত নাও ডুবি এগৰাকী বৃদ্ধা সন্ধানহীন হৈছে বুলি জানিব পৰা গৈছে । 

জানিব পৰা মতে, উজনি মাজুলীৰ জাৱৰচুক কাঠনিত মঙলবাৰৰ সন্ধিয়া হাত নাও লৈ চাৰিগৰাকী মহিলা মাছ মাৰিবলৈ বুলি গৈছিল আৰু তেতিয়াই ব্ৰহ্মপুত্ৰৰ সুঁতিত নাওখনত পানী সোমোৱাৰ ফলত ডুব যায় । ততাতৈয়াকৈ একাংশ প্ৰত্যক্ষদৰ্শীয়ে নাওখনত থকা তিনিগৰাকী মহিলাক উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও তাৰ মাজৰে এগৰাকী মহিলা ব্ৰহ্মপুত্ৰৰ সুঁতিটোত সন্ধানহীন হৈ পৰে ।

সন্ধানহীন মহিলাগৰাকী 70 উৰ্ধৰ জেতুকী পেগু বুলি জানিব পৰা গৈছে ৷ ঘটনাস্থলীত এছ ডি আৰ এফৰ দল উপস্থিত হৈ মহিলাগৰাকীৰ সন্ধানত নদীত অভিযান চলায় যদিও আন্ধাৰ হোৱাৰ বাবে অভিযান সামৰিবলৈ বাধ্য হয় ।

বুধবাৰৰ পুৱাৰ পৰা পুনৰ এছ ডি আৰ এফৰ দলে মহিলাগৰাকীৰ সন্ধানত অভিযান আৰম্ভ কৰিছে ৷ এই ঘটনাৰ পিছত সন্ধানহীন মহিলাগৰাকীৰ ঘৰৰ লগতে অঞ্চলজুৰি এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: অসমকে ধৰি দেশত সংঘটিত হৈছিল এইসমূহ শোকাৱহ তথা বহু চৰ্চিত নাও দুৰ্ঘটনা - Boat Capsize Incidents

অসমকে ধৰি দেশত সংঘটিত হৈছিল এইসমূহ শোকাৱহ তথা বহু চৰ্চিত নাও দুৰ্ঘটনা - Boat Capsize Incidents

বানৰ মাজতে গোৱালপাৰাত মৰ্মান্তিক ঘটনা : নাও ডুবি নিহত কমেও ৩, সন্ধানহীন কেইবাজনো - Boat Accident at Goalpara

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.