৩ দিনে সন্ধান নাই ২ সন্তানৰ মাতৃৰ: পৰকীয়া প্ৰেম নে আন কিবা ? - Woman Missing Case - WOMAN MISSING CASE
🎬 Watch Now: Feature Video


Published : Aug 10, 2024, 10:11 PM IST
বঢ়মপুৰ, ১০ আগষ্ট : নগাঁও জিলাৰ কামপুৰৰ কচুৱা থানাৰ অন্তৰ্গত লুটুমাৰী মাটিখোলা গাঁৱত চাঞ্চল্যকৰ ঘটনা । ৭ আগষ্টৰ পৰা সন্ধানহীন এগৰাকী বিবাহিত মহিলা । দুটা সন্তানৰ মাতৃ সন্ধানহীন হোৱাৰ লগে লগে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকৰ মাজতো হাহাকাৰ লাগিছে । ইতিমধ্যে পৰিয়ালটো কচুৱা আৰক্ষীৰ কাষ চাপিছে । মহিলাগৰাকীৰ স্বামী তথা পৰিয়ালে সন্দেহ কৰা মতে মহিলাগৰাকীৰ আন কোনো পুৰুষৰ সৈতে সম্পৰ্ক আছিল !
সেই যুৱকৰ সৈতে মহিলাগৰাকী পলাই যোৱাৰো অনুমান কৰিছে স্বামীয়ে । স্বামীৰ মতে এজন যুৱকৰ সৈতে মহিলাগৰাকীৰ ফোনত চিনাকী হৈছিল । স্বামী কৰ্মসূত্ৰে কেৰালাত থকাৰ সুযোগ লৈ সেই যুৱকৰ সৈতে মহিলাগৰাকী পলাই যোৱাৰো সন্দেহ কৰিছে । মহিলাগৰাকীয়ে লক্ষাধিক টকা আৰু সোণ-ৰূপৰ অলংকাৰো লগত লৈ যোৱা বুলি স্বামীয়ে অভিযোগ কৰিছে । অৱশ্যে মহিলাগৰাকী সন্ধানহীন হোৱাৰ আঁৰত কি ৰহস্য আছে ? আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ।