চন্দ্ৰপুৰত আবদ্ধ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীত উটি অহা বন্যহস্তী - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 6:52 PM IST

thumbnail
চন্দ্ৰপুৰত আবদ্ধ বাঢ়নী পানীত উটি অহা বন্যহস্তী (ETV Bharat Assam)

গুৱাহাটী, 20 জুলাই : ৰাজ্যৰ বান পৰিস্থিতি কিছু পৰিমানে নিয়ন্ত্ৰণ হৈছে যদিও বন্যাৰ্ত তথা বন্য জীৱ-জন্তুৰ সমস্যা এতিয়াও দূৰ হোৱা নাই ৷ পোহনীয়া জীৱ-জন্তুকে ধৰি বন্য জীৱসমূহৰ বিলৈ-বিপত্তিৰ অন্ত নোহোৱা হৈছে ৷ ইয়াৰ মাজতে মহানগৰীৰ নিকটৱৰ্তী চন্দ্ৰপুৰ অঞ্চলত ব্ৰহ্মপুত্ৰ নৈৰ বাঢ়নী পানীত উটি আহিল এটি বন্যহস্তী ৷ বৰ্তমান 2 নং চন্দ্ৰপুৰ গাঁৱৰ পানীৰ মাজত আৱদ্ধ হৈ আছে বনৰীয়া হাতীটো ৷

বন বিভাগৰ পৰা জানিব পৰা মতে ব্ৰহ্মপুত্ৰৰ বুকুৰে উটি আহি হাতীটোৱে দিক-বিদিক হেৰুৱাই 2 নং চন্দ্ৰপুৰ গাঁৱৰ পানীৰ মাজত আবদ্ধ হৈ পৰে ৷ যি কোনো মুহূৰ্তত বনৰীয়া হাতীটো গাঁৱৰ ভিতৰত প্ৰৱেশ কৰাৰ আশংকাত এতিয়া শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগ আৰু আৰক্ষীৰ লোক ৷ হাতীটোক উদ্ধাৰৰ বাবে বন বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ বন বিভাগে বানত আশ্ৰয়স্থল হেৰুৱাই হাতীটো উটি অহাৰ সন্দেহ কৰিছে ৷

লগতে পঢ়ক : নিষ্ঠুৰ : ডিঙিত ৰছীৰে বান্ধি বনকৰ্মীয়ে চোঁচৰাই নিলে প্ৰকাণ্ড অজগৰ - Python Rescued

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.