শোৱাপাটীতে স্বামীক ডিঙি কাটি হত্যা : মৰিয়নীত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি - Brutal murder in Mariani

By ETV Bharat Assamese Team

Published : Jun 26, 2024, 4:19 PM IST

thumbnail
শোৱাপাটীতে স্বামীক ডিঙি কাটি হত্যা (ETV Bharat Assam)

যোৰহাট, 26 জুন : পাৰিবাৰিক কন্দলৰ ভংকৰ পৰিণতি ৷ মৰিয়নীত সংঘটিত হ’ল এক লোহমৰ্ষক হত্যাকাণ্ড  ৷ মৰিয়নীৰ শিলিখাবাৰী চাহ বাগিচাৰ ১১নং লাইনত মঙলবাৰে সংঘটিত হয় ঘটনাটো ৷

সুৰজিৎ ৰবিদাস(৩২) নামৰ লোকজনক পত্নী লক্ষীমণি গঞ্জু ৰবিদাসে (২৬) শোৱাপাটীতে ডিঙি কাটি হত্যা কৰে ৷ জানিব পৰামতে প্ৰায়ে পাৰিবাৰিক কন্দলত লিপ্ত হৈছিল স্বামী-স্ত্ৰী ৷ বিভিন্ন কাৰণত কাজিয়াৰ সুত্ৰপাত হৈ থকাৰ পিচত মঙলবাৰে চূড়ান্ত পৰ্যায় পায়গৈ ৷ ফলত শোৱাপাটিতে ডিঙি কাটি স্বামীক হত্যা কৰে লক্ষীমণি গঞ্জু ৰবিদাসে ৷

এই নৃশংস হত্যাকাণ্ড সংঘটিত কৰি পত্নী লক্ষীমণিয়ে তেওঁৰ মাতৃৰ সৈতে পুৱাৰ ভাগত মৰিয়নী থানাত আত্মসৰ্মপন কৰে । ইতিমধ্যে স্বামীহন্তা পত্নী লক্ষীমণি গঞ্জু ৰবিদাসক মৰিয়নী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ৷

লগতে পঢ়ক: ছুটীত আহি চি আৰ পি এফ জোৱানে ঘৰৰ ভিতৰতে প্ৰেমিকৰ সৈতে পালে পত্নীক : তাৰ পিচতেই ঘটিল হত্যাকাণ্ড

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.