ৰাজ্যত পুনৰ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা: সদৰী কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই - NORTH EAST WEATHER FORECAST - NORTH EAST WEATHER FORECAST
🎬 Watch Now: Feature Video
Published : Mar 26, 2024, 10:17 PM IST
গুৱাহাটী, 26 মাৰ্চ: ৰাজ্যত পুনৰ হ’ব ধাৰাসাৰ বৰষুণ । সাগৰপৃষ্ঠৰ পৰা ডেৰ কিলোমিটাৰ গতিবেগত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বৰষুণৰ প্ৰভাৱ দেখিবলৈ পোৱা যাব ৷ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বতৰ বিজ্ঞানীয়ে সদৰী কৰিছে আগজাননী ৷
সেই অনুসৰি আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ কিছু কিছু ঠাইত 30/40 গতিবেগত ধুমুহা অহাৰ লগতে ধাৰাসাৰ বৰষুণ আৰু বিজুলী ঢেৰেকণি অহাৰ সম্ভৱনা আছে ৷ তদুপৰি অসমৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হ’ব ।
ঠিক তেনেদৰে কাইলৈ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত বিজুলী ঢেৰেকণিৰ সৈতে ধাৰাসাৰ বৰষুণ অহাৰ যথেষ্ট সম্ভৱনা আছে । বতৰ বিজ্ঞানীয়ে আগজাননী সদৰী কৰা অনুসৰি অহা ২৮ আৰু ২৯ মাৰ্চত ৰাজ্যৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে যদিও অহা ৩০ মাৰ্চত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ কিছু কিছু ঠাইত বিজুলী-ঢেৰেকণিৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।
লগতে পঢ়ক: ধাৰাসাৰ বৰষুণতে হয়তো পাৰ হ’ব হোলী