কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মৰাণত তীব্ৰ প্ৰতিবাদ - Protest in Maran

By ETV Bharat Assamese Team

Published : Jun 13, 2024, 6:28 PM IST

thumbnail
কাশ্মীৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে মৰাণত তীব্ৰ প্ৰতিবাদ (ETV Bharat Assam)

মৰাণ, 13 জুন: পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল হ'ল মৰাণৰ ৰাজপথ । জম্মু-কাশ্মীৰত বৈষ্ণো দেৱী মন্দিৰলৈ তীৰ্থ ভ্ৰমণৰ বাবে যোৱা তীৰ্থযাত্ৰীৰ ওপৰত পাকিস্তান সমৰ্থিত ইছলামিক সন্ত্ৰাসবাদী সংগঠনে চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে মৰাণত বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে সাব্যস্ত কৰে প্ৰতিবাদ । এই ঘটনাক লৈ বিশ্বজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷ সকলোৱে একেমুখে গৰিহণা দিছে সন্ত্ৰাসবাদীৰ এই বৰ্বৰ কাৰ্যক । এই অমানৱীয় ঘটনাৰ বিৰুদ্ধে বৃহস্পতিবাৰে মৰাণ নগৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে । সংগঠন দুটাৰ মৰাণ সমিতিৰ উদ্যোগত ৰূপায়ণ কৰা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সদস্যসকলে সন্ত্ৰাসবাদীৰ পুত্তলিকা দাহ কৰাৰ লগতে পকিস্তান আৰু ইছলামিক মৌলবাদী সংগঠনৰ বিৰুদ্ধে সৰৱ হৈ পৰে । এই আক্ৰমণৰ ঘটনাত অতিকমেও 9 জন তীৰ্থযাত্ৰী নিহত হোৱাৰ লগতে আহত হয় 33 জন ৷ 

লগতে পঢ়ক: তীৰ্থযাত্ৰী কঢ়িয়াই নিয়া বাছত সন্ত্ৰাসবাদীৰ গুলীচালনা: 9 জন নিহত, 33 জন আহত - Terrorists Attack

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.