thumbnail

পৰীক্ষাৰ ৪০ মিনিটৰ পিচতে উচ্চতৰ মাধ্যমিকৰ বাংলা প্ৰশ্নকাকত ভাইৰেল

By ETV Bharat Assamese Team

Published : Feb 21, 2024, 9:29 PM IST

কৰিমগঞ্জ, ২১ ফেব্ৰুৱাৰী: উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাৰ প্ৰথমখন প্ৰশ্নকাকত ফাদিল হোৱা বিষয়টোক লৈ ৰাজ্য়জুৰি হোৱা চৰ্চাৰ প্ৰতিক্ৰিয়া মাৰ নৌয়াওতেই আজি পুনৰ ম'বাইল ফোনত ভাইৰেল হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ এখন প্ৰশ্নকাকত । পৰীক্ষা আৰম্ভ হোৱাৰ ৪০ মিনিটৰ পিচতে ভাইৰেল হয় বাংলা বিষয়ৰ প্ৰশ্নকাকত । ইয়াৰ পিচতেই এই বিষয়টো সংশ্লিষ্ট কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত এজন ছাত্ৰক আটক কৰে হাইলাকান্দি আৰক্ষীয়ে ।  

হাইলাকান্দিৰ চৰকাৰী ভিক্টোৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সংঘটিত হৈছে এই ঘটনাটো । পৰীক্ষা আৰম্ভ হোৱাৰ ৪০ মিনিটৰ পিচতে প্ৰশ্নকাকতখন ম'বাইলে ম'বাইলে ভাইৰেল হয় । এটা হোৱাটছএপ গ্ৰুপত এই প্ৰশ্নকাকতখন ভাইৰেল হৈ পৰাত আৰক্ষীয়ে এই কাৰ্যত জড়িত থকা এজন ছাত্ৰক আটক কৰে । ধৃত ছাত্ৰজনৰ পৰা উদ্ধাৰ হোৱা এটা ম'বাইল ফোনৰ পৰাই ভাইৰেল হৈছিল এই বাংলা বিষয়ৰ প্ৰশ্নকাকতখন ।

লগতে পঢ়ক:চৰকাৰী পৃষ্ঠপোষকতাত চলিছে প্ৰশ্নকাকত ফাদিল কাৰ্য : কৃষক মুক্তি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.