thumbnail

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 9:58 PM IST

ETV Bharat / Videos

ডিব্ৰুগড়ত বহি গ'ল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ : যাতায়াত ব্যাহত - Traffic disruption

ডিব্ৰুগড়, 1 জুলাই: ডিব্ৰুগড় জিলাত বানে জটিল পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে জিলাখনৰ কোটোহাৰ গেমন দলঙৰ সমীপত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা ৷ কোটোহাত বুঢ়ীদিহিং নৈৰ ওপৰত  থকা গেমন দলঙৰ উত্তৰ দিশে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ বহি যোৱাত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ নেৰা-নেপেৰা বৰষুণৰ মাজতে পথৰ কাষত থকা এজোপা গছ উভালি পৰাত দলঙৰ গাৰ্ডৱালও ফাট মেলাৰ উপৰিও পথৰ এটা অংশ তললৈ বহি যায় ৷ ফলত পথটোৰে যাতায়ত বন্ধ হৈ পৰিছে ৷

লগতে পঢ়ক: কাজিৰঙাৰ বানাক্ৰান্ত জীৱ-জন্তুক সুৰক্ষাৰ বাবে ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ-আৰক্ষীৰ বিশেষ সতৰ্কতা - Assam Floods 2024

বৰ্তমান ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিষয়া-কৰ্মচাৰী উপস্থিত হৈ বহি যোৱা অংশ মেৰামতিৰ কাম আৰম্ভ কৰিছে ৷ NHIDCL-ৰ বিষয়াই জানিবলৈ দিয়া অনুসৰি প্ৰতিকূল বতৰ আৰু নিশা হোৱাৰ বাবে বৰ্তমান মেৰামতিৰ কাম সম্পূৰ্ণ নহ'ব ৷ মেৰামতিৰ অংশৰে নিশা যান-বাহনৰ চলাচল সম্ভৱ নহ'ব বুলিও জানিবলৈ দিছে বিষয়াজনে ৷ ইফালে বৰ্তমান আৰক্ষীয়ে যানজঁট নিয়ন্ত্ৰণৰ বাবে ব্যৱস্থা কৰিছে যদিও নিশা যিকোনো অবাঞ্চিত পৰিস্থিতিৰ আশংকা কৰিছে স্থানীয় ৰাইজে ৷ ডিব্ৰুগড় সংযোগী একমাত্ৰ গুৰুত্বপূৰ্ণ পথটোৰ শীঘ্ৰে মেৰামতিৰ ব্যৱস্থা নকৰিলে সমস্যা জটিল হৈ পৰাৰ সম্ভাৱনা আছে ৷

লগতে পঢ়ক: ফোনতেই অসমৰ বানৰ বুজ ল’লে মোদী-শ্বাহে : সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীক - Flood in Assam

লগতে পঢ়ক: ডিমা হাছাওত ধাৰাসাৰ বৰষুণ : যোগাযোগ ব্যাহত - Assam Floods 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.