বিধায়ক ভাস্কৰ শৰ্মাৰ কনভয়ৰ বাহনৰ খুন্দাত ৭ জন আহত - MLA Convoy Mets Accident
🎬 Watch Now: Feature Video


Published : Feb 24, 2024, 10:39 PM IST
ডিব্ৰুগড়, 24 ফেব্ৰুৱাৰী: বিধায়কৰ তীব্ৰবেগী কনভয়ৰ বাহনৰ খুন্দাত আহত 7 জন ৷ এখন মাৰুতি ভানত বিধায়কৰ কনভয়ৰ বাহনে খুন্দা মৰাৰ ফলতেই শনিবাৰে সংঘটিত হয় এই দুৰ্ঘটনা ৷ চাবুৱাৰ কাজিখোৱা বাইপাছত সংঘটিত হৈছে এই অঘটন ৷ মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ কনভয়ৰ এখন বাহনে সংঘটিত কৰে এই দুৰ্ঘটনা ৷
জানিব পৰা মতে বিধায়ক ভাস্কৰ শৰ্মাৰ কনভয়ৰ AS 01 DP 0244 নম্বৰৰ এখন বাহনে AS 06 H 9002 নম্বৰৰ এখন মাৰুতী ভানত খুন্দা মৰা ফলত সংঘটিত হয় এই দুৰ্ঘটনা ৷ দুৰ্ঘটনাত মাৰুতি ভানখনৰ সাত জন আৰোহী আহত হয় ৷ গুৰুতৰভাৱে আহত লোক কেইজনক চাবুৱা মহাত্মা গান্ধী আৰ্দশ চিকিৎসায়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ৷ ইতিমধ্যে ঘটনাস্থলীত চাবুৱা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : জোনাইত প্ৰচণ্ড ধুমুহাত বিস্তৰ ক্ষতিসাধন