প্ৰজ্ঞাৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ বুকুত মঞ্চস্থ ঐতিহসিক নাট বীৰ চিলাৰায়

By ETV Bharat Assamese Team

Published : Feb 26, 2024, 10:41 AM IST

thumbnail

গুৱাহাটী, 26 ফেব্ৰুৱাৰী: মহানগৰীৰ ফাঁচীবজাৰস্থিত লাচিতঘাটত দুদিনীয়াকৈ মঞ্চস্থ কৰা হ’ল ঐতিহসিক নাটক "বীৰ চিলাৰায়" । পৰাক্ৰমী যোদ্ধা বীৰ চিলাৰায়ৰ জন্ম বাৰ্ষিকী উপলক্ষে দুদিনীয়া কাৰ্যসূচীৰে 'প্ৰজ্ঞা'ৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ বুকুত মঞ্চস্থ কৰা হয় এই ঐতিহসিক নাটকখন ।

অভিনেত্ৰী পূৰ্ণিমা পাঠক শইকীয়াৰ পৰিচালনাত অসমৰ 117 গৰাকী অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰে এই নাটকখনত । অসমৰ মহান বীৰ চিলৰায়ৰ বীৰৰ কলাপ্ৰেমৰ অমৰ গাঁথা সকলোৰে মাজত জীয়াই ৰখাৰ চেষ্টাৰে "প্ৰজ্ঞা"ই আয়োজন কৰে এই অনুষ্ঠান ।

অসমৰ অবিস্মৰণীয় মহাবীৰ, সাহিত্য-কলাৰ পৃষ্ঠপোষক কোঁচ ৰাজবংশীয় পৰাক্ৰমী যোদ্ধা বীৰ চিলাৰায়ৰ জন্মদিন 'প্ৰজ্ঞা' ৰ উদ্যোগত ব্ৰহ্মপুত্ৰৰ বুকুত এক বিশাল আয়োজনেৰে মঞ্চস্থ কৰা দ্বিতীয়টো দিনাৰ কাৰ্যসূচীত উপস্থিত থাকি নাটক উপভোগ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যপাল গুলাব চান্দ কাটৰীয়া, মন্ত্ৰী পীযুষ হাজৰীকা, মন্ত্ৰী ৰণজিৎ দাসৰ লগতে বহু ৰাইজে ৷

লগতে পঢ়ক : প্ৰজ্ঞাৰ প্ৰযোজনাত মঞ্চস্থ হ’ব বীৰ চিলাৰায়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.