গুৱাহাটী: শুকুৰবাৰৰ পৰা আৰম্ভ হ'ল বহু প্ৰত্যাশিত অসম গ্ৰন্থমেলা । আজিৰে পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী মহানগৰীৰ চান্দমাৰীৰ পৰিৱৰ্তে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হৈছে অসম গ্ৰন্থমেলা ।
২৭ ডিচেম্বৰৰ পৰা অহা ৭ জানুৱাৰী ২০২৫ লৈ অনুষ্ঠিত হ'ব এই অসম গ্ৰন্থমেলা । এইবাৰৰ অসম গ্ৰন্থমেলাত থাকিব ৩৫০ খন গ্ৰন্থ বিপণি । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে চতুৰ্থ বর্ষৰ বাবে আয়োজন কৰা অসম গ্ৰন্থমেলা আজি উদ্বোধন কৰে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।
বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে পশ্চিমবংগৰ বিশিষ্ট লেখক, সাংবাদিক, ইতিহাসবিদ হিন্দোল সেনগুপ্তই । ইয়াৰ লগতে এই উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা প্ৰমুখ্যে ভালেসংখ্যক গন্যমান্য ব্যক্তি তথা গ্ৰন্থপ্ৰেমী । অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ।
উল্লেখ্য যে ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা এই অসম গ্ৰন্থমেলাত দৈনিক বিভিন্ন বিষয়ত প্ৰতিদিনে অনুষ্ঠিত হ'ব আলোচনাচক্ৰ তথা মত-বিনিময় অনুষ্ঠান । য'ত অংশগ্ৰহণ কৰিব বহু কেইগৰাকী লেখক-লেখিকা তথা বিশিষ্ট ব্যক্তিয়ে । ইফালে উদ্বোধনৰ দিনাই গ্ৰন্থমেলা বাকৰিত উন্মোচন কৰা হয় ৪২ খন গ্ৰন্থ । তাৰোপৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ড৹ মনমোহন সিঙৰ মৃত্যুৰ বাবে চৰকাৰে সাতদিনীয়া শোক সপ্তাহ পালন কৰাৰ বাবে সেই দিন কেইটাত শিক্ষানুষ্ঠানৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাৰ বাহিৰে গ্ৰন্থমেলাৰ অন্য সাংস্কৃতিক কাৰ্যসূচী বাতিল কৰা হৈছে ।
গ্ৰন্থমেলাখন উদ্বোধন কৰি শিক্ষা মন্ত্ৰী ডাঃ পেগুৱে কয়, "প্ৰথমবাৰৰ বাবে চান্দমাৰীৰ পৰিৱৰ্তে খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত কৰা হৈছে অসম গ্ৰন্থমেলা । ইয়াতে গ্ৰন্থপ্ৰেমী ৰাইজে আহি ভাল পাব যিহেতু এই ঠাই যথেষ্ঠ আহল বহল । ভৱিষ্যতেও খানাপাৰাতে অসম গ্ৰন্থমেলা আয়োজন কৰাৰ পৰিকল্পনা কৰা হৈছে ।" তাৰোপৰি ২০২৫ বৰ্ষটো অসম চৰকাৰে গ্ৰন্থৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে ।
এই সম্পৰ্কত মন্ত্ৰীগৰাকীয়ে কয়, "২০২৫ বৰ্ষটো অসম চৰকাৰে গ্ৰন্থৰ বৰ্ষ হিচাপে ঘোষণা কৰিছে । ইতিমধ্যে গ্ৰন্থৰ বৰ্ষটো কেনেকুৱা হ'ব সেই বিষয়ে ৰূপৰেখা প্ৰস্তুত কৰিবলৈ শিক্ষা বিভাগক দায়িত্ব দিয়া হৈছে ।" তাৰোপৰি নাগৰিক সমাজৰ কিবা দিহা-পৰামৰ্শ থাকিলে বিভাগক জনাবলৈও আহ্বান জনাই শিক্ষা মন্ত্ৰীগৰাকীয়ে ।