উজনিত কাৰ আশীৰ্বাদত চলিছে গৰুৰ চোৰাং সৰবৰাহ - DIBRUGARH CATTLE SMUGGLING
🎬 Watch Now: Feature Video


Published : Oct 8, 2024, 3:13 PM IST
মৰাণ, ৮ অক্টোবৰ : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ডিব্ৰুগড়ত নিতৌ সংঘটিত হৈছে গৰু চুৰিৰ ঘটনা । ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ পৰিছে গৰু সৰবৰাহৰ মূল পথ । ডিব্ৰুগড়ৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায়ে জব্দ হৈছে চোৰাং গৰু । ইয়াৰ মাজতে লাহোৱালৰ ৰমাই কৰ্দৈবামত মঙলবাৰে পুৱতি নিশা গৰুৰ চোৰাং সৰবৰাহক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । গাঁওৰক্ষী বাহিনীয়ে ১২ টা চোৰাং গৰুসহ এখন পিক আপ ভান জব্দ কৰি গতাই দিয়ে আৰক্ষীক ।
ৰমাই কৰ্দৈবামত বিভিন্ন প্ৰান্তৰ পৰা আনি গৰু লুকুৱাই ৰাখিছিল সৰবৰাহকাৰী কেইটাই । ১২ টা গৰু AS22 C 6537 পিক আপ ভানত উঠাওঁতেই গাঁওৰক্ষী বাহিনীয়ে প্ৰত্যক্ষ কৰি তিনিটা চোৰসহ এখন বাহন জব্দ কৰি ঘোঁৰামৰা আৰক্ষী চকীত খবৰ দিয়ে। ঘটনাস্থলীত ঘোঁৰামৰা আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰা লগতে গৰুসহ বাহনখন আৰক্ষী চকীলৈ লৈ যায় । আনহাতে, নাহৰকটীয়াৰ গোবিন হাজৰিকা, ধেমাজি চিচিবৰগাঁওৰ মণি চুতীয়া, ধেমাজি গড়মৰাৰ নৃপেন ভূঞাক আটক কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ।