সুদীৰ্ঘ বিৰতিৰ মূৰত যোৰহাটত ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা - All India Football Federation

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 6:59 PM IST

thumbnail
সুদীৰ্ঘ বিৰতিৰ মূৰত যোৰহাটত ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা (ETV Bharat Assam)

যোৰহাট, ১১ ছেপ্টেম্বৰ : সুদীৰ্ঘ ৪০টা বছৰৰ অন্তত পোন প্ৰথমবাৰৰ বাবে যোৰহাট আৰু মৰিয়নীত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা । এই প্ৰতিযোগিতাখন যোৱা ৭ ছেপ্টেম্বৰত যোৰহাট ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

লীগ চেম্পিয়নশ্বিপখনৰ বাৰখন মেচ যোৰহাট জিলাৰ অন্তৰ্গত মৰিয়নীৰ বাপুজী ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হ'ব । দেশৰ ১৭ খন ৰাজ্যৰ ফুটবল দলে অংশগ্ৰহণ কৰা এই ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপখনত ১৫ বছৰ অনূৰ্ধ্ব খেলুৱৈসকলে দুৰ্দান্ত প্ৰদৰ্শনেৰে ক্ৰীড়াপ্ৰেমীক আপ্লুত কৰিছে ।

ইফালে বুধবাৰে মৰিয়নী বাপুজী ষ্টেডিয়ামত উত্তৰাখণ্ড আৰু পুডুচেৰী মাজৰ মেচখন শুভাৰম্ভ কৰে যোৰহাট জিলা আয়ুক্ত পুলক মহন্ত আৰু মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে । মৰিয়নীত পোন প্ৰথমবাৰৰ বাবে এনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল মেচ অনুষ্ঠিত হোৱাত ক্ৰীড়াপ্ৰেমীৰ মাজত প্ৰাপ্তিৰ হাঁহি বিৰিঙিছে ।

আনহাতে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল লীগ সুৰ্দীঘ সময়ৰ বিৰতিৰ মূৰত অসমে আয়োজন কৰিবলৈ পোৱাৰ বাবে ইয়াৰ কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰদান কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ।

উল্লেখ্য যে ১৯৮৪ চনতেই অন্তিমবাৰ বাবে যোৰহাটত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল । এতিয়া ৪০ বছৰ পিচত যোৰহাট সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ দ্বাৰা আৰু যোৰহাট জিলা ক্ৰীড়া সন্থাৰ পৰিচালনাত অনুষ্ঠিত হৈছে এই ফুটবল প্ৰতিযোগিতা ।

লগতে পঢ়ক :৪০ বছৰৰ মূৰত যোৰহাটে আয়োজন কৰিব ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা - AIFF under 15 football tournament
লগতে পঢ়ক :অসমত পোন প্ৰথমবাৰলৈ গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ - Guwahati Asian Film Festival

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.