নাবালিকা ধৰ্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড আদালতৰ - Imprisonment to rapist

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 9:11 PM IST

thumbnail
অধিবক্তা অৰবিন্দ বসুমতাৰী (ETV Bharat)

ওদালগুৰি, 20 আগষ্ট: নাবালিকা ধৰ্ষণকাৰীক 20 বছৰৰ কাৰাদণ্ড প্ৰদান কৰে আদালতে ৷ ওদালগুৰি জিলাৰ হৰিশিঙাত সংঘটিত এক নাবালিকা ধৰ্ষণৰ ঘটনাৰ ৰায়দান কৰি মঙলবাৰে ধৰ্ষণকাৰী লাল বাহাদুৰ ছেত্ৰীক 20 বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু 20 হাজাৰ টকাৰ জৰিমনা বিহে ওদালগুৰিৰ বিশেষ নায়্যাধীশৰ আদালতে ৷ ইয়াৰ লগতে ভুক্তভোগী পৰিয়ালক 5 লাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰাৰ বাবে ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকাৰীক নিৰ্দেশনা দিয়ে । 

চৰকাৰী অধিবক্তা অৰবিন্দ বসুমতাৰীয়ে সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰা তথ্য মতে যোৱা 2023 বৰ্ষৰ 1 ফেব্ৰুৱাৰীত হৰিশিঙা আৰক্ষী থানাত উক্ত ধৰ্ষণকাণ্ডৰ এজাহাৰ দাখিল কৰা হৈছিল । এজাহাৰত উল্লেখ কৰা অনুসৰি লাল বাহাদুৰ ছেত্ৰীয়ে টকাৰ প্ৰলোভন দেখুৱাই কিশোৰীগৰাকীৰ সৈতে অসৎ কাৰ্যত লিপ্ত হৈছিল । 

ওদালগুৰিৰ বিশেষ ন্যায়াধীশৰ আদালতত চলা শুনানিৰ অন্তত সোমবাৰে ওদালগুৰি জিলা ও সত্ৰ ন্যায়াধীশ নগেন সেনাবায়া দেউৰীৰ বিশেষ আদালতে ধৰ্ষণকাৰীক শাস্তি প্ৰদান কৰে ।

লগতে পঢ়ক: অভয়াকাণ্ডৰ পাছতে ১০ জনীয়া ৰাষ্ট্ৰীয় টাস্ক ফ’ৰ্চ গঠন - Kolkata rape murder case

৭ বাৰকৈ বিবাহপাশত আবদ্ধ : ৬ গৰাকী স্বামীৰ পৰা ভৰণ-পোষণৰ নামত লৈছে ধন - Woman married 7 times

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.