গা ধুবলৈ গৈ সলিল সমাধি একে পৰিয়ালৰ দুই ছাত্ৰৰ - Students Death By Drowning

By ETV Bharat Assamese Team

Published : Jul 26, 2024, 8:52 PM IST

thumbnail
গা ধুবলৈ গৈ সলিল সমাধি একে পৰিয়ালৰ দুই ছাত্ৰৰ (ETV Bharat Assam)

নগাঁও,২৬ জুলাই: শুকুৰবাৰে নগাঁৱৰ জুৰীয়াত সংঘটিত হয় এক কৰুণ ঘটনা । ঘৰৰ ওচৰৰে ডুবিত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল একে পৰিয়ালৰ দুই মেধাবী ছাত্ৰৰ । উচ্চতৰ মাধ্যমিকৰ দুই ছাত্ৰৰ কৰুণ মৃত্যুৰ খবৰে শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ জুৰীয়া অঞ্চলবাসীক । ঘটনাৰ বিৱৰণী মতে, শুকুৰবাৰে দিনৰ ভাগতেই জুৰীয়াৰ চামধৰা গাঁৱৰ একে পৰিয়ালৰ দুই ছাত্ৰ যতীন বৰা আৰু নিশান্ত বৰা আন দুই সতীৰ্থৰ সৈতে গা ধুবলৈ গৈছিল ঘৰৰ ওচৰৰে এটা ডুবিত ।  

গা ধুবলৈ ডুবিত নমাৰ পাচতেই গভীৰ পানীত হঠাতে ডুব যায় চাৰিওজন । সৌভাগ্যক্ৰমে দুই সতীৰ্থই সাঁতুৰি পাৰত উপস্থিত হ'বলৈ সক্ষম হয় যদিও যতীন বৰা আৰু নিশান্ত বৰা নামৰ ছাত্ৰ দুগৰাকীয়ে সাঁতুৰিব নজনাৰ বাবেই গভীৰ পানীত সোমাই পৰে । ছাত্ৰ দুগৰাকীক উদ্ধাৰ কৰি ততাতৈয়াকৈ নগাঁৱৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও দুয়োগৰাকী ছাত্ৰক মৃত বুলি ঘোষণা কৰে চিকিৎসকে । ছাত্ৰ দুগৰাকীৰ মৃত্যুৰ খবৰ বিয়পি লগে লগে সমগ্ৰ অঞ্চলতেই গভীৰ শোকৰ ছাঁ পৰিছে । 

লগতে পঢ়ক: গা-ধুবলৈ গৈ অকাল মৃত্যু দুই সমনীয়া ৰোহিত আৰু ধীমানজ্যোতিৰ - Two minors died

গ্ৰীষ্ম বন্ধৰ আনন্দ ল'বলৈ আহি হেৰুৱালে প্ৰাণ - Students Death By Drowning

জন্মদিনৰ দিনাই প্ৰাণ হেৰুৱালে জনদ্বীপে, লগতে লৈ গ'ল বন্ধু দিখৌক - Child Death By Drowning

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.