thumbnail

By ETV Bharat Assamese Team

Published : Jun 18, 2024, 5:54 PM IST

ETV Bharat / Videos

পেঙেৰীত বন্দুকসহ আটক দুই ডকাইত - Robbery case in Tinsukia

তিনিচুকীয়া, ১৮ জুন: তিনিচুকীয়া জিলাৰ পেঙেৰীৰ টেকেৰীত ডকাইতিত অভিযুক্ত দুই যুৱকক মঙলবাৰে পেঙেৰী থানাৰ আৰক্ষীয়ে আটক কৰে । আৰক্ষীয়ে হস্তনিৰ্মিত বন্দুকসহ আটক কৰে অভিযুক্ত দুটাক । ধৃত অভিযুক্ত দুটা হৈছে পেঙেৰী ৰাইডাং পথাৰ গাঁ‌ৱৰ ৰঞ্জন বৰুৱা (৩৫) আৰু বিতোপন দহোটীয়া (২৯) ৷ আৰক্ষীয়ে ইতিমধ্য়ে জব্দ কৰিছে এটা হস্তনিৰ্মিত বন্দুকৰ লগতে নগদ ৩৯ হাজাৰ টকা আৰু এখন খুকুৰী ।  

ঘটনা অনুসৰি যোৱা ১২ জুনত টেকেৰীত সংঘটিত হৈছিল এক ডকাইতিৰ ঘটনা । ম'হ ক্ৰয় কৰিবলৈ অহা তিনিজন লোকৰ পৰা হস্তনিৰ্মিত বন্দুক আৰু চোকা অস্ত্ৰ দেখুৱাই লুটি নিছিল নগদ ১ লাখ ৭০ হাজাৰ টকা আৰু কিছু নথি-পত্ৰ । সেই ঘটনাৰ তদন্তৰ আৰম্ভ কৰিয়েই পেঙেৰী আৰক্ষীয়ে হস্তনিৰ্মিত বন্দুকসহ দুই অভিযুক্তক আটক কৰে ৷ আৰক্ষীয়ে হস্তনিৰ্মিত বন্দুকটো বিতোপন দহোটীয়াই বুঢ়ীদিহিং সংৰক্ষিত বনাঞ্চলত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰে ।

লগতে পঢ়ক:দিন ডকাইতি কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ডকাইত - Robbery In Guwahati

আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰাৰ বাবেই গুলীচালনা - Police Encounter

আৰক্ষীৰ পোচাকত আহিল ডকাইত, লুটি নিলে লক্ষাধিক টকাৰ সম্পত্তি - Robbery case in Gouripur

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.