মহানগৰীৰ নুনমাটিৰ পৰা নিৰুদ্দিষ্ট দুই ছাত্ৰীক উদ্ধাৰ টিহুত - guwahati noonmati missing news

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Feb 15, 2024, 10:51 PM IST

নলবাৰী, ১৫ ফেব্ৰুৱাৰী : নলবাৰীৰ টিহুৰ পৰা উদ্ধাৰ হৈছে মহানগৰীৰ নুনমাটিৰ পৰা নিৰুদ্দিষ্ট দুই কিশোৰী । কালিৰে পৰা সন্ধানহীন হৈ আছিল দুয়োগৰাকী ছাত্ৰী । বৃহস্পতিবাৰে নলবাৰী জিলাৰ টিহুৰ ৬ নং ৱাৰ্ডৰ খলিহাগুৰিৰ পৰা উদ্ধাৰ কৰা হৈছে দুয়োগৰাকী ছাত্ৰীক ।

উল্লেখ্য যে, কালি সৰস্বতী পূজাৰ দিনা নিৰুদ্দিষ্ট হৈছিল মহানগৰীৰ নুনমাটিৰ পঞ্চদ্বীপ জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী দুগৰাকী । দুই যুৱক অৰুণ দাস আৰু মাধৱ দাস নামৰ দুই যুৱকে টিহুলৈ লৈ আনিছিল ছাত্ৰী দুগৰাকীক । সম্প্ৰতি টিহু আৰক্ষীৰ জিম্মাত ছাত্ৰী দুগৰাকী ।

আৰক্ষীয়ে যদিও এই মুহূৰ্তলৈ সংবাদ মাধ্যমৰ আগত কোনো কথা সদৰী কৰা নাই, প্ৰাপ্ত তথ্য মতে টিহুৰ অৰুণ দাস আৰু মাধৱ দাসে প্ৰলোভনেৰে ছাত্ৰী দুগৰাকীক লৈ অনাৰ সন্দেহৰ সৃষ্টি হৈছে । ইয়াৰে অৰুণ দাসৰ ঘৰ টিহুত আৰু মাধৱ দাসৰ ঘৰ ধমধমাত বুলি জানিব পৰা গৈছে । বৰ্তমান আৰক্ষীয়ে যুৱক দুজন ক্ৰমে অৰুণ দাস আৰু মাধৱ দাসকো আটক কৰিছে । ছাত্ৰী দুগৰাকীক বহিঃৰাজ্যলৈ নিয়াৰ পৰিকল্পনা কৰিছিল দুই যুৱকে । মন কৰিবলগীয়া কথা যে, যুৱক দুজনে ছাত্ৰী দুগৰাকীক টিহুলৈ আনি ৬ নং ৱাৰ্ডৰ খলিহাগুৰিৰ অৰুণ দাসৰ বায়েকৰ ঘৰত ৰাখিছিল । বায়েকে এই সন্দৰ্ভত আৰক্ষীক খবৰ দিবলৈ কৈছিল বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক : মহানগৰীত নাবালিকা নিৰুদ্দেশ: দুগৰাকী উদ্ধাৰ, এগৰাকী এতিয়াও নিৰুদ্দিষ্ট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.