গ্ৰীষ্ম বন্ধৰ আনন্দ ল'বলৈ আহি হেৰুৱালে প্ৰাণ - Students Death By Drowning

By ETV Bharat Assamese Team

Published : Jul 19, 2024, 10:19 PM IST

thumbnail
গ্ৰীষ্ম বন্ধৰ আনন্দ ল'বলৈ আহি হেৰুৱালে প্ৰাণ (ETV Bharat Assam)

নলবাৰী ১৯ জুলাই: নলবাৰীত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ ঘটনা । নলবাৰীৰ ক্ষুদ্ৰ কটৰাত দুগৰাকী ছাত্ৰীৰ কৰুণ মৃত্যুৱে জোকাৰি গ'ল সমগ্ৰ অঞ্চল । মোমায়েকৰ ঘৰলৈ গৰম বন্ধত ফুৰিবলৈ আহি ছাত্ৰী দুগৰাকীৰ কৰুণ মৃত্যু ঘটে । মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি পুখুৰীত গা-ধুবলৈ গৈ একেলগে সমাধি ঘটে দুয়োগৰাকী ছাত্ৰীৰ । মৃত ছাত্ৰী দুগৰাকী হ’ল অংকিতা শৰ্মা আৰু দীক্ষিতা শৰ্মা । গৰম বন্ধ বুলি মোমায়েকৰ ঘৰলৈ ফুৰিবলৈ আহি দুয়োৱে মৃত্যুক আঁকোৱালি লোৱাক লৈ এতিয়া নলবাৰীৰ কটৰাত শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।  

দুয়োগৰাকী ছাত্ৰীক বহু সময় ধৰি বিচাৰি নোপোৱাত হাহাকাৰ লাগে পৰিয়ালটোৰ মাজত । পিচত পুখুৰীৰ পৰা দুয়োগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ কৰে । ইতিমধ্যে ঘটনাস্থলীত প্ৰশাসনৰ লোক উপস্থিত হৈ বুজ লয় ঘটনাৰ । দুয়োগৰাকী ছাত্ৰীক স্থানীয় লোকে মৃত অৱস্থাত উদ্ধাৰ কৰে পুখুৰীৰ পৰা । সম্প্ৰতি মৰ্গত ৰখা হৈছে দুয়োগৰাকী ছাত্ৰীৰ মৃতদেহ ।  

লগতে পঢ়ক: আনন্দই কাল হ’ল জুমনৰ বাবে : পানীত পৰি মৃত্যু ছাত্ৰৰ

ভনীয়েকক ৰক্ষা কৰিবলৈ গৈ সলিল সমাধি বায়েকৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.