বজ্ৰপাতত মৃত্যু একেটা পৰিয়ালৰ দুই ভাতৃৰ - Lightning strike in Nalbari

By ETV Bharat Assamese Team

Published : Aug 15, 2024, 8:46 PM IST

thumbnail
বজ্ৰপাতত মৃত্যু একেটা পৰিয়ালৰ দুই ভাতৃৰ (ETV Bharat Assam)

নলবাৰী,১৫ আগষ্ট: বৃহস্পতিবাৰে বিয়লি অহা এজাক বৰষুণে শোকস্তদ্ধ কৰিলে নলবাৰী জিলাৰ সমগ্ৰ চৰাঞ্চলৰ ৰাইজক । ব্ৰহ্মপুত্ৰৰ বুকুত খেতি পথাৰত নিজৰ খেতি চপাই থাকোতেই বজ্ৰপাতে প্ৰাণ কাঢ়ি নিলে দুই ভাতৃৰ । বজ্ৰপাতে দুই ভাতৃৰ প্ৰাণহানি কৰাত পৰিয়াল তথা অঞ্চলবাসীৰ মাজত এতিয়া শোকাকুল পৰিৱেশ । নলবাৰী জিলাৰ চৰাঞ্চলৰ কুৰিহামাৰী গাড়ীঘাটত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো ।  

প্ৰাপ্ত তথ্য অনুসৰি ব্ৰহ্মপুত্ৰৰ বুকুত দুয়ো ভাতৃয়ে মৰাপাটৰ খেতিত কাম কৰি থকা সময়তে বজ্ৰ পৰি থিতাতে দুয়োজনৰ মৃত্যু হয় । মৃত লোক দুজন ক্ৰমে শিয়ালমাৰী থানাৰ অন্তৰ্গত গাড়ীঘাট গাৱঁৰ চলেমান আলীৰ দুই পুত্ৰ একাত আলী আৰু আয়ুৱ আলী বুলি জানিব পৰা গৈছে । পৰৱৰ্তী সময়ত স্থানীয় লোকে দুয়োজনৰ মৃতদেহ ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰে । একেটা পৰিয়ালৰ দুই ভাতৃৰ এনে অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোতেই শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বজ্ৰপাতে প্ৰাণ ল’লে দুই ভাতৃৰ : দাউ-দাউকৈ জ্বলিল নাৰিকল গছ - Lightning strike in Nagaon

বকলীয়াঘাটৰ মাহগুৰিত বজ্ৰ পৰি চাৰিজন লোক আহত, চাৰিটা পশুধনৰ মৃত্যু

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.