পৰিবহন নিগমৰ বাছ আস্থানসমূহ পুনৰ উজ্জীৱিত কৰাৰ আশ্বাস পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ - Transport Minister Keshab Mahanta

By ETV Bharat Assamese Team

Published : Jun 23, 2024, 1:39 PM IST

thumbnail
পৰিবহন নিগমৰ বাছ আস্থানসমূহ পুনৰ উজ্জীৱিত কৰাৰ আশ্বাস পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ (ETV Bharat Assam)

কলিয়াবৰ, 23 জুন : বন্ধ হৈ থকা পৰিবহন নিগমৰ বাছ আস্থানসমূহ পুনৰ উজ্জীৱিতকৰণৰ বাবে পদক্ষেপ গ্ৰহণৰ আশ্বাস পৰিবহন মন্ত্ৰী কেশৱ মহন্তৰ । কলিয়াবৰত এই ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । ইতিমধ্যে বন্ধ হৈ থকা অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানসমূহক লৈ বিভাগে জৰীপ আৰম্ভ কৰিছে বুলি জনায় । সম্ভাৱনাসম্পন্ন অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ আস্থানসমূহ পুনৰ উজ্জীৱিতকৰণ কৰি বাছ চলাচলৰ বাবে বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব ।

জৰীপৰ সময়ত এই আস্থানসমূহৰ অৱস্থান, ভূমিকে ধৰি বহুকেইটা দিশ পৰ্যবেক্ষণ কৰা হৈছে । বাছ চলাচলৰ লগতে বাণিজ্যিক কেন্দ্ৰৰূপে গঢ় দিয়াৰো পৰিকল্পনা থকাৰ বিষয়ে নৱনিযুক্ত মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে । কলিয়াবৰত থকা চাৰিটা বাছ আস্থান, জখলাবন্ধাত থকা বাছ আস্থানটোৰ বাহিৰে ঐতিহাসিক শিলঘাট বাছ আস্থান আৰু প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰৰ দিনত স্থাপন হোৱা কলিয়াবৰ তিনিআলিৰ বাছ আস্থান আৰু কুঠৰী বাছ আস্থান তিনিওটা পৰিত্যক্ত অৱস্থাত আছে । এই তিনিওটা আস্থান কিদৰে সক্ৰিয় বা আন ধৰণে ব্যৱহাৰ কৰিব পাৰি সেইলৈয়ো চিন্তা-চৰ্চা চলাই থকা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জনায় ।

লগতে পঢ়ক: বৰগাঙৰ পৰা চলাচল কৰা একমাত্ৰ ৰঙা বাছখনো বন্ধ কৰিলে পৰিবহণ নিগমে - Assam State Transport Corporation

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.