গ্ৰীষ্ম প্ৰৱাহে প্ৰাণ ল'লে এজনৰ - Man dies of Heatstroke - MAN DIES OF HEATSTROKE
🎬 Watch Now: Feature Video


Published : Jul 27, 2024, 1:31 PM IST
ৰঙিয়া, ২৭ জুলাই : উৎকট গৰমে দহিছে ৰাজ্যবাসীক । ইয়াৰ মাজতে গ্ৰীষ্মপ্ৰৱাহে প্ৰাণ ল’লে আৰু এজনৰ । ৰঙিয়াৰ বিছেন্নালা নিবাসী যোগেন কলিতাই প্ৰাণ হেৰুৱালে প্ৰচণ্ড গৰমত । জানিব পৰা মতে, দিন হাজিৰা কৰা ব্যক্তিজনে আন দিনাৰ দৰে শুকুৰবাৰেও কামলৈ ওলাই গৈছিল । উৎকট গৰমত দিনটো কাম কৰি ঘৰলৈ উভতি অহাৰ পাচত সন্ধিয়া পৰত গাটো বেয়া লাগিছে বুলি পৰিয়ালৰ লোকক জনায় ।
সন্ধিয়া প্ৰায় ছয় বজাত হঠাৎ অচেতন হৈ ঢলি পৰে ব্যক্তিজন । পৰিয়ালৰ লোকে ততাতৈয়াকৈ এখন ব্যক্তিগত চিকিৎসালয়ত তেওঁক ভৰ্তি কৰে যদিও চিকিৎসকে ব্যক্তিগৰাকীক মৃত বুলি ঘোষণা কৰে । পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল যোগেন কলিতা ৷ লোকজনৰ মৃত্যু হোৱাত সৰগ ভাগি পৰিছে এতিয়া তেওঁৰ পৰিয়ালটোৰ মূৰত । ফলত দিশহাৰা হৈ পৰিছে মৃত যোগেন কলিতাৰ পত্নী, দুই কন্যা সন্তান আৰু এজন পুত্ৰই ৷