ফটো তুলিবলৈ গৈ উভতি নাহিল দ্বীপজ্যোতি, শোকত বিহ্বল পিতৃ-মাতৃ - Student Died in Nagaland - STUDENT DIED IN NAGALAND
🎬 Watch Now: Feature Video


Published : Jun 8, 2024, 2:35 PM IST
টীয়ক, ৮ জুন : টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষত অধ্যয়নৰত দুই ছাত্ৰৰ শুকুৰবাৰে নগালেণ্ডত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাই ঘটনাই সমগ্ৰ টীয়কতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে । জানিব পৰা মতে, মহাবিদ্যালয়ৰ পৰা বাহিৰে বাহিৰেই বন্ধুৰ সৈতে ফটো তুলিবলৈ বন্ধুৰ স্কুটিৰে নগালেণ্ড পাইছিলগৈ দ্বীপজ্যোতি ।
ফটো তুলি ঘূৰি আহোঁতে নগালেণ্ডৰ মোককচোং জিলাৰ মাকলোম্বা থানাৰ অন্তৰ্গত চাংকি বস্তিৰ সমীপত AS 04 AB 9974 নম্বৰৰ স্কুটিসহ দুয়ো প্ৰায় ২০০ ফুট তলত পাহাৰৰ খাৱৈত পৰি থিতাতে প্ৰাণ হেৰুৱাই । দুৰ্ঘটনাত মৃত্যু হোৱা ছাত্ৰদ্বয় হৈছে শিৱসাগৰ জিলাৰ জাঁজী গড়মূৰ ব্ৰাহ্মণ গাঁৱৰ আকাশ গোৱালা আৰু টীয়কৰ তামুলীছিগাৰ চাপৰি গাঁৱৰ দ্বীপজ্যোতি গগৈ ।
পুত্ৰক হেৰুৱাই অস্থিৰ হৈ পৰিছে দ্বীপজ্যোতিৰ পিতৃ সুৰেণ গগৈ আৰু মাতৃ মীৰা গগৈৰ লগতে আত্মীয় স্বজন । ইতিমধ্যে নগালেণ্ড আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি টীয়ক আৰক্ষীৰ সৈতে যোগাযোগ কৰিছে আৰু পৰিয়ালৰ লোক ইতিমধ্যে মৃতদেহ চমজি ল'বলৈ ৰাওনা হৈছে । শোকত ভাগি পৰিছে দ্বীপজ্যোতিৰ সহপাঠীসকলো ।
লগতে পঢ়ক: নগালেণ্ডৰ চাংকিত শোকাৱহ পথ দুৰ্ঘটনা; দ খাৱৈত পৰি নিহত যোৰহাটৰ দুই ছাত্ৰ