ৰেমলৰ তাণ্ডৱ: ডিমা হাছাওত গৃহহীন হৈছে শ শ লোক - Remal effect in Dima Hasao - REMAL EFFECT IN DIMA HASAO
🎬 Watch Now: Feature Video


Published : May 31, 2024, 8:33 PM IST
হাফলং, 31 মে’ : ৰাজ্যজুৰি কোনোমতে ৰেমলৰ তাণ্ডৱ মাৰ গৈছে যদিও ডিমা হাছাও জিলাত ঘূৰ্ণিবতাহ ৰেমলৰ প্ৰভাৱত মুঠ 940 গৰাকী লোক গৃহহীন হয় । মাহুৰ খণ্ড উন্নয়নৰ অধীনত লুংখক আৰু বেথেল গাঁৱত ভূমিস্খলনৰ ফলত ঘৰ ভাঙি পৰাৰ বাবে 32 গৰাকী লোক আশ্ৰয় শিবিৰত আশ্ৰয় ল’বলগীয়া হৈছে ৷
আনহাতে ধুমুহাৰ ফলত হাফলং ৰাজহ চক্ৰৰ অধীনত বালাধন গাঁৱত 14 গৰাকী লোকে নিজ বাসগৃহ হেৰুৱাই গৃহহীন হৈ পৰে । ইয়াৰ উপৰি উমৰাংছু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ খানদাং ডেমৰ পৰা নিপকোই পানী এৰি দিয়াৰ ফলত বানৰ কবলত পৰিছে জিলাখনৰ প্ৰায় 894 গৰাকী লোক ৷ ফলত এতিয়া বানাক্ৰান্ত লোকসকলে আশ্ৰয় শিবিৰত আশ্ৰয় লৈছে ৷
ইপিনে ধাৰাসাৰ বৰষুণৰ ফলত হাফলং-জাতিংগা পথ বহি যোৱাৰ লগতে এই পথটোৰ 300 মিটাৰ অংশ ভাঙি-ছিগিছে । হাফলং-জাতিংগা পথটো হৈছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী পথ ৷ ইতিমধ্যে এই পথছোৱাত ডাঙৰ যানবাহন চলাচল কৰাৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে জিলা প্ৰশাসন আৰু লোক নিৰ্মাণ বিভাগে ৷
লগতে পঢ়ক: ভয়াৱহ বানৰ কৱলত ৰাজ্যৰ আঠখন জিলা : ৪১ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত - FLOOD SITUATION OF ASSAM