ডিব্ৰুগড়ত স্কুটীত উঠি ত্ৰিৰংগা যাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ - Tiranga Yatra

By ETV Bharat Assamese Team

Published : Aug 13, 2024, 9:40 PM IST

thumbnail
স্কুটীত উঠি ত্ৰিৰংগা যাত্ৰা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

ডিব্ৰুগড়, 13 আগষ্ট : মঙলবাৰে ডিব্ৰুগড় চহৰত উলিওৱা হয় বিশাল ত্ৰিৰংগা যাত্ৰা । চহৰৰ মাজমজিয়াৰ চৌকিডিংগী খেলপথাৰৰ পৰা স্বাধীনতা দিৱস উপলক্ষে ১৫ আগষ্টৰ প্ৰাকক্ষণত উলিওৱা হয় ত্ৰিৰংগা যাত্ৰা । চৌকিডিংগীৰ পৰা থানা চাৰিআলি হৈ এ.টি ৰোডেৰে আমোলাপট্টীৰ পৰা বৈৰাগী মঠলৈকে যাত্ৰা কৰি পুনৰ চৌকিডিংগী খেলপথাৰত সামৰণি মৰা হয় ।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে । ডিব্ৰুগড়ৰ ৰাজপথত সহস্ৰাধিক বাইক আৰোহীৰ লগত যাত্ৰা কৰিলে ডিব্ৰুগড়ৰ সাংসদগৰাকীয়ে । কনভয় এৰি স্কুটীত উঠি ত্ৰিৰংগা যাত্ৰা কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ হাতত জাতীয় পতাকা লৈ মহাত্মা গান্ধী, বল্লভভাই পেটেল, কুশল কোঁৱৰ আদি বীৰ শ্বহীদৰ আত্মবলিদানক শ্ৰদ্ধাৰে সুঁৱৰিলে সৰ্বানন্দ সোণোৱালে ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, ‘‘ বীৰ শ্বহীদসকলৰ মহান ত্যাগে ভাৰতবৰ্ষক শক্তিশালী কৰি তুলিছে । দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ প্ৰতিটো প্ৰান্ততে উন্নয়ন শক্তিশালী ৰূপত গঢ় লৈ উঠিছে । ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় ল’ব সেয়া নিশ্চিত ৷ 2047 চনত ভাৰতবৰ্ষৰ স্বাধীনতা লাভৰ এশ বছৰ সম্পূৰ্ণ হ’লে ভাৰতবৰ্ষ বিশ্বৰ শ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে পৰিগণিত হ’ব ৷’’

লগতে পঢ়ক : মৰিগাঁৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচী আৰম্ভ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.