চোৰাং বেপাৰীৰ নতুন কৌশল : ৰন্ধন গেছ কঢ়িওৱা বাহনত ওলাল কাঠ - Timber smuggling
Published : Jul 27, 2024, 7:09 PM IST
তিনিচুকীয়া,২৭ জুলাই : ৰাজ্যত অব্যাহত আছে কাঠৰ চোৰাং বেহা । দুষ্টচক্ৰই কাঠ সৰবৰাহৰ ক্ষেত্ৰত নতুন নতুন কৌশল অৱলম্বন কৰিছে । তিনিচুকীয়া জিলাৰ মাজেৰেও প্ৰতিনিশাই কাঠৰ চোৰাং সৰবৰাহ অব্যাহত আছে । যোৱা দুটা দিনত দুখনকৈ কাঠভৰ্তি বাহন জব্দ কৰে ডুমডুমা আৰু মাকুম আৰক্ষীয়ে ৷ বৃহস্পতিবাৰে ডুমডুমা আৰক্ষীয়ে জব্দ কৰে AS-23-CC-6462 নম্বৰৰ এখন কাঠভৰ্তি বাহন । একেদৰে শুকুৰবাৰে নিশা মাকুম আৰক্ষীয়ে জব্দ কৰে AS-23-DC-2139 নম্বৰৰ আন এখন কাঠভৰ্তি ট্ৰাক । লক্ষণীয়ভৱে ৰন্ধন গেছ কঢ়িওৱা ট্ৰাকত গোপনে কাঠখিনি সৰবৰাহৰ চেষ্টা কৰিছিল দুষ্টচক্ৰই ।
অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানৰ পৰা অনা হৈছিল এই কাঠখিনি ৷ আৰক্ষীয়ে কাঠভৰ্তি বাহনকেইখন জব্দ কৰি পৰৱৰ্তী সময়ত ডুমডুমা বন সংমণ্ডলক চমজাই দিয়ে ৷ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে ডুমডুমা বন সংমণ্ডলৰ চকুৰ সন্মুখতে এনেদৰে কাঠৰ চোৰাং সৰবৰাহ চলি আছে । বন বিভাগৰ বিষয়া-কৰ্মচাৰী থকাৰ পিচতো আৰক্ষীয়ে চোৰাং কাঠভৰ্তি বাহন জব্দ কৰিবলগা হৈছে । সেয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডুমডুমা আঞ্চলিক সমিতিৰ কৰ্মীসকলে বন বিভাগক এইক্ষেত্ৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷