চাবুৱাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিগৰাকী - Tiger Terror in Dibrugarh

By ETV Bharat Assamese Team

Published : Jul 13, 2024, 7:40 AM IST

thumbnail
বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনি (ETV Bharat Assam)

ডিব্ৰুগড়, ১৩ জুলাই: বছৰৰ পাচত বছৰ ধৰি বাঘৰ আতংকত দিন কটাবলগীয়া হৈছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তৰ ৰাইজে । বন বিভাগে জিলাখনৰ বহু স্থানত বিগত বহু সময়ত পিঞ্জৰা স্থাপন কৰি কেইবাটাও বাঘ পিঞ্জৰাবদ্ধ কৰিছে যদিও বৰ্তমানো অব্যাহত আছে বাঘৰ উপদ্ৰৱ । পুনৰ প্ৰলয়ংকাৰী বানৰ মাজতেই চাবুৱাত বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত তিনিগৰাকী বানাক্ৰান্ত ।  

দধীয়া লাইকাৰ তিনিজন ব্যক্তিক শুকুৰবাৰে গৰু চৰাবলৈ যাওঁতেই আক্ৰমণ কৰে এটা বাঘে । ঘটনাৰ পাচতে উন্নত চিকিৎসাৰ বাবে তিনিওজনক চাবুৱা মহাত্মা গান্ধী আদৰ্শ চিকিৎস্যালয়ত ভৰ্তি কৰা হয় । বাঘৰ আক্ৰমণত আহত ব্যক্তি কেইজনৰ নাম হৈছে আৰবাজ ডাং, জিতুল ডাং আৰু মেকচেৰে চুক্ৰাং । তিনিওগৰাকী ব্যক্তি দধীয়া চাৰিসুঁতিৰ বুলি জানিব পৰা গৈছে । এই ঘটনাৰ পাচতে সমগ্ৰ অঞ্চলটোত এক আতংকময় পৰিৱেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বানবিধ্বস্ত মাজুলীত অব্যাহত বাঘৰ আতংক - Tiger Terror At Majuli

বামুনীমৈদামত পুনৰ বাঘৰ আতংক : চিচি টিভি কেমেৰাত বন্দী বাঘৰ মুক্ত বিচৰণৰ দৃশ্য - Tiger Scare In Bamunimaidam

নগাঁৱৰ জেঙনিত বাঘৰ আতংক, ন্যায় সংহিতাৰ 163 ধাৰা জাৰি - TIGER SCARE IN NAGAON

বানত দিক-বিদিক হেৰুৱাই জনাঞ্চলত বনৰজা : বিহালীত বাঘে টানি নিলে এজনক, নগাঁৱত 163 ধাৰা জাৰি - Assam Flood 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.