কন্যা শিশুক ধৰ্ষণৰ ঘটনাক লৈ মোককচাঙৰ চাৰিং বস্তিত উত্তপ্ত পৰিস্থিতি - Minor Rape Case

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 7:15 PM IST

thumbnail
কন্যা শিশুক ধৰ্ষণৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি (ETV Bharat Assam)

যোৰহাট, 12 আগষ্ট : মৰিয়নী সমষ্টিৰ গাতে লাগি থকা নাগালেণ্ডৰ মোককচাং জিলাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ জিলাখনৰ অন্তৰ্গত চাৰিং বস্তিৰ নিবাসী এজন লোকৰ তিনিবছৰীয়া এগৰাকী কন্যা শিশুক এটা লম্পটে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দেওবাৰে সন্ধিয়াৰ ভাগত এই ঘৃণনীয় ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷  

জানিব পৰা মতে চাৰিং বস্তিৰ এজন লোকৰ ঘৰত ফুৰিবলৈ অহা মোৱা খাবা নামৰ (33) বছৰীয়া লোকজনে আপত্তিজনক ভিডিঅ’ দেখুৱাই কণমানিজনীৰ লগত ঘৃণনীয় কাৰ্য সংঘটিত কৰাৰ অভিযোগ উথাপিত হৈছে ৷ ইতিমধ্যে অভিযুক্তটোক ৰাইজে কৰায়ত্ব কৰি উত্তম-মধ্যম শোধাই মুমুৰ্ষ অৱস্থাত আৰক্ষীক গতাই দিয়ে ৷  

নগা সমাজক লজ্জানত কৰা এই ঘটনাক গৰিহণা দি দোষীক মৃত্যুদণ্ডৰ দৰে শাস্তি প্ৰদান কৰিবলৈ ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে নগা ৱমেন চ’ছাইটিয়ে ৷ ইতিমধ্যে এই ঘৃণনীয় ঘটনাৰে জড়িত অভিযুক্তটোক আৰক্ষীয়ে আটক কৰিছে ৷  


লগতে পঢ়ক : শোৱাপাটীতে দাৰে ঘপিয়াই নৃশংসভাৱে হত্যা কৰিলে বিবাহিত যুৱকক - Sensational Murder

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.