তিনি মাহৰ পাচত মাজুলী কমলাবাৰী নিমাটি ঘাটৰ মাজত চলিল জাহাজ - Ferry service begins in Majuli - FERRY SERVICE BEGINS IN MAJULI
🎬 Watch Now: Feature Video


Published : Apr 7, 2024, 12:43 PM IST
মাজুলী, ৭ এপ্ৰিল : মাজুলীবাসীৰ বাবে ভাল খবৰ । প্রায় তিনি মাহৰ পাচত মাজুলীৰ কমলাবাৰী-নিমাটি ঘাটৰ মাজত চলিল জাহাজ । ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে বিগত তিনি মাহ ধৰি কমলাবাৰী-নিমাটি ঘাটৰ মাজত বন্ধ হৈ আছিল জাহাজৰ চলাচল । বৰ্তমান ব্ৰহ্মপুত্ৰৰ জলস্তৰ কিছু বৃদ্ধি পোৱাত পুনৰ জাহাজৰ চলাচল আৰম্ভ কৰা হয় । আনহাতে অফলামুখ পাৰ ঘাটত জলস্তৰ বৃদ্ধি হোৱাত ডুব গৈছে ৰেম্পসমূহ ।
বাঢ়নী পানীয়ে ৰেম্পসমূহ খহাই পেলোৱাত এটা ৰেম্পৰ পৰা চলাচল কৰিবলগা হৈছে ফেৰীসমুহ । অফলামুখ পাৰ ঘাটতো পূৰ্ব স্থানত বন্দৰ নিৰ্মাণৰ কাম আৰম্ভ হোৱাত আন স্থানলৈ নিয়া হয় পাৰঘাটতো । জলস্তৰ বৃদ্ধি হ'লে ঘাট পৰিচালনা কৰাত বৰ্তমান স্থানত অসুবিধাৰ সন্মুখীন হব বিভাগ ।
লগতে পঢ়ক: মাজুলীত পুখুৰীত আৱদ্ধ এশিঙীয়া গঁড় - Rhino Roaming Freely In Majul