গৰু চোৰৰ তাণ্ডৱ: নিশা হ’লেই নাইকিয়া হয় এটাৰ পিচত আনটো গৰু

By ETV Bharat Assamese Team

Published : Mar 2, 2024, 10:53 PM IST

thumbnail

জোনাই, 2 মাৰ্চ : জোনাইৰ চিগা অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে গৰু চুৰিৰ ঘটনা । নিশা হ’লেই চুৰি হয় এটাৰ পিচত আন এটা গৰু । পুনৰ জোনাইৰ চিগা মাজগাঁৱত চুৰি হ’ল চাৰিটাকৈ বলধ গৰু । একে নিশাই গোহালিৰ পৰাই বান্ধি ৰখা অৱস্থাত ৰছী কাটি  চাৰিটাকৈ বলধ গৰু চুৰি কৰি লৈ যায় চোৰে । উল্লেখ্য যে, জোনাইৰ চিগা মাজগাঁৱৰ নিবাসী মহানন্দ পেগু আৰু গিৰিধৰ পেগুৰ গোহালিৰ পৰা যোৱা ২৬ ফেব্ৰুৱাৰী তাৰিখে বান্ধি ৰখা চাৰিটাকৈ বলধ গৰু ৰছী কাটি চুৰ কৰি লৈ যায় চোৰে ।

এই চুৰিকাণ্ডৰ পিচতে জোনাই আৰক্ষী থানা আৰু মিচিং জাতীয় সংগঠনত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগীয়ে । এতিয়া ভুক্তভোগীয়ে মূৰে-কপালে হাত দিছে, কাৰণ গৰুৱেই আছিল ভুক্তভোগীৰ একমাত্ৰ জীৱিকাৰ আহিলা ৷ গৰুৰ জৰিয়তেই পৰিয়াল পোহপাল দিছিল তেওঁলোকে । সেই বাবে উপায়ন্তৰ হৈ সদাশয় ব্যক্তিয়ে অচিনাক্ত গৰু বা সন্দেহজনক গৰু চোৰক দেখা পালে 6002578425 আৰু 9365265309 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

লগতে পঢ়ক : জয়পুৰৰ তাঁতী পথাৰত চুৰি গৰুসহ গো মাংস জব্দ; পলাতক অভিযুক্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.