চোৰে লুটিলে ২৫ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ-নগদ ধন - Theft Incident In Guwahati - THEFT INCIDENT IN GUWAHATI

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jun 7, 2024, 10:35 PM IST

গুৱাহাটী,৭ জুন: গুৱাহাটী মহানগৰীত পুনৰ স্মাৰ্ট আৰক্ষীক চোৰৰ চেলেঞ্জ । এটা অভিজাত আৱাসিক এলেকাৰ পৰা চোৰে লুটি নিলে ২৫ লাখ টকাৰ সোণৰ গহনা, নগদ ধনৰ লগতে গুৰুত্বপূৰ্ণ নথি-পত্ৰ । মহানগৰীৰ চচলৰ অভিজিত পথৰ অনুসূয়া আশীৰ্বাদ এপাৰ্টমেণ্টৰ সংঘটিত হৈছে এই চুৰিকাণ্ড । এই এপাৰ্টমেণ্টটোৰ দ্বিতীয় মহলাৰ ফ্লেটৰ বাসিন্দা মনীষ চন্দ্ৰ মোদীয়ে যোৱা ১ জুনত পৰিয়ালসহ ব্যক্তিগত কামত পশ্চিমবংগলৈ গৈছিল । সেই সময়তেই ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰে ফ্লেটৰ মূল দ্বাৰৰ তলা ভাঙি প্ৰৱেশ কৰি চোৰে দুটাকৈ গডৰেজৰ তলা ভাঙি সোণৰ আ -অলংকাৰ নগদ দুই লাখ টকা, তিনিখন এটিএম, বেংকৰ পাছবুক, চেক বুক,পান কাৰ্ড আদিকে ধৰি বহু মূল্যবান সামগ্ৰী লুট কৰি নিয়ে ।  

ইপিনে,যোৱা ৫ জুনত তেওঁলোকৰ ঘৰৰ বনকৰা মহিলা গৰাকীয়ে ঘৰৰ মূলদ্বাৰৰ তলা ভঙা দেখা পাই ঘৰৰ গৰাকী মনীষ চন্দ্ৰ মোদীক ফোন যোগে অৱগত কৰে । লগে লগে মনীষ চন্দ্ৰ মোদীয়ে ঘৰলৈ অহাৰ পিচত তেওঁলোকৰ ঘৰত চুৰি হোৱাটো নিশ্চিত হয় । 

ইতিমধ্যে ঘটনা সন্দৰ্ভত ঘৰৰ গৰাকীয়ে দিছপুৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে। এই ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত চোৰৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম হোৱা নাই ।

লগতে পঢ়ক:চোৰে লুটিলে ৩০ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ - Theft Incident In Guwahati

চোৰে চাফাই অভিযান চলালে মহিলা সাংবাদিকৰ ভাড়াঘৰত - Theft In Guwahati

চলন্ত চিটি বাছৰ পৰাই চোৰে লুটি নিলে নগদ টকাসহ আ-অলংকাৰ

 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.