ভোট বিচাৰি মিঞাৰ সন্মুখত নাচিছিল, এতিয়া হঠাৎ খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা মুখ্যমন্ত্ৰী : উপমন্যু হাজৰিকা - Sonapur Firing Incident

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 7:20 PM IST

thumbnail
উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা (ETV Bharat Assam)

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ‘‘মুখ্যমন্ত্ৰীগৰাকী হঠাতে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা হৈ পৰিল ৷ যিজন মানুহে 3-4 মাহ পূৰ্বে নিৰ্বাচনৰ সময়ত মিঞাৰ সন্মুখত নাচি ভোট বিচাৰিছিল, সেইজন মানুহ হঠাতে খিলঞ্জীয়াৰ ত্ৰাণকৰ্তা হৈ পৰিল ৷’’ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি এই মন্তব্য উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ৷

বৃহস্পতিবাৰে সোণাপুৰত প্ৰশাসনৰ উচ্ছেদ অভিযানৰ সময়ত আৰক্ষীৰ ওপৰত হোৱা আক্ৰমণ আৰু আৰক্ষীৰ গুলীচালনাত বেদখলকাৰী নিহত হোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ আঁতধৰি শুকুৰবাৰে নতুন দিল্লীত সংবাদমাধ্যমৰ আগত এইদৰে কয় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ৷ অসমত বাংলাদেশীৰ সাহস বাঢ়িছে বুলি উল্লেখ কৰি উপমন্যু হাজৰিকাই কয়, ‘‘ট্ৰাইবেল বেল্টৰ মাটি বেদখল কৰি উচ্ছেদকাৰীৰ ওপৰত আক্ৰমণ কৰিলে ৷ এয়া প্ৰথম ঘটনা নহয় ৷ খিলঞ্জীয়াৰ নামত গঠন কৰা বিজেপি চৰকাৰৰ দিনত এনেকুৱা বহু ঘটনা হৈ গৈছে ৷’’

বিজেপি চৰকাৰে বাংলাদেশীৰ প্ৰতি নৰম পন্থা লোৱা বুলি অভিযোগ উত্থাপন কৰি জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়, ‘‘কালি মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ বাবে কংগ্ৰেছকহে দোষী কৰিছে, তেওঁ বাংলাদেশীক দোষী কৰা নাই ৷’’

লগতে পঢ়ক : সোণাপুৰৰ ঘটনাত কোনো চক্ৰৰ অভিসন্ধি আছে: জি পি সিং

সোণাপুৰকাণ্ড : জি এম চি এইচত ভৰ্তি ১১, এজনৰ অৱস্থা সংকটজনক

সোণাপুৰত আৰক্ষীয়ে গুলীওৱাটো অন্যায়: এ আই ইউ ডি এফৰ লগতে আব্দুল খালেকেও বিচাৰিছে উচিত তদন্ত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.