শস্যপথাৰত ৰঘুমলাৰ দৰে বিয়পি পৰিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম - Poisonous weed Parthenium - POISONOUS WEED PARTHENIUM
🎬 Watch Now: Feature Video


Published : Jun 30, 2024, 4:00 PM IST
মিৰ্জা, 30 জুন: দক্ষিণ কামৰূপৰ কৃষি প্ৰধান অঞ্চল বৰটাৰীত ভয়ংকৰ ৰূপত বিয়পি পৰিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম ৷ বিষাক্ত উদ্ভিদ মাৰাত্মক পাৰ্থেনিয়ামেৰে ভৰিছে পলাশবাৰীৰ শইচ সোণোৱালী কৃষিভূমিবোৰ ৷ যাৰ ফলত এতিয়া বিপদৰ সন্মুখীন হৈছে পলাশবাৰীৰ বৰটাৰীৰ ব্ৰহ্মপুত্ৰৰ পাৰত কৃষি বিপ্লৱৰ সূচনা কৰা শ শ কৃষক ৷
জানিব পৰা মতে, কৃষকৰ ঘোৰ শত্ৰুৰূপী এই পাৰ্থেনিয়ামৰ ইতিমধ্যেই বলি হৈছে সাধাৰণ কৃষক ৷ প্ৰায় পাঁচ হাজাৰ বিঘা কৃষিভূমিৰ দুই হেজাৰ বিঘা ভূমিতেই আৱৰি ধৰিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়ামে । পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ আহি বৰটাৰী অঞ্চলৰ দহগৰাকী কৃষক আক্ৰান্ত হোৱাৰ লগতে কেইবাজনো চিকিৎসাধীন হ’বলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছে বুলি স্থানীয় কৃষকসকলে জনায় ৷
ইয়াৰ লগতে, পোহনীয়া পশুধনো আক্ৰান্ত হৈছে পাৰ্থেনিয়ামৰ পাৰ্শ্বক্ৰিয়াত ৷ পাৰ্থেনিয়ামৰ সংস্পৰ্শলৈ অহাৰ ফলত জ্বৰ, চৰ্দি, কাঁহ, ছালৰ ৰোগ, বৃক্কৰ ৰোগৰ লগতে মাৰাত্মক কেঞ্চাৰ ৰোগ হ'ব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে বৰটাৰীৰ কৃষকসকলে । তাৎক্ষণিকভাৱে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম উদ্ভিদ ধ্বংস কৰিবলৈ ভূমি সংৰক্ষণ বিভাগ আৰু কৃষি বিভাগক দাবী জনাইছে ভুক্তভোগী কৃষকসকলে ।