জলমগ্ন টীয়ক গ্ৰাম্য চিকিৎসালয়, চিকিৎসাৰ অবিহনেই ঘৰমুৱা হ’ল ৰোগী - artificial flood in Teok

By ETV Bharat Assamese Team

Published : Jun 20, 2024, 2:26 PM IST

thumbnail
জলমগ্ন টীয়ক গ্ৰাম্য চিকিৎসালয়, চিকিৎসাৰ অবিহনেই ঘৰমুৱা হ’ল ৰোগী (ETV BHARAT ASSAM)

টীয়ক, 20 জুন : অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ফোঁপোলা ছবি পুনৰ পৰিস্ফুত হৈছে টীয়ক গ্ৰাম্য চিকিৎসালয়ত । বৃহত্তৰ টীয়ক অঞ্চলৰ একমাত্ৰ চিকিৎসাৰ ভৰষাস্থল টীয়ক গ্ৰাম্য চিকিৎসালয়ৰ এইখন ছবিয়ে সকলোৰে চকু কঁপালত তুলিছে ।

যি সময়ত চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ বিপুল পৰিৱৰ্তনৰ কথা কয়, সেই সময়তে এজাক বৰষুণতেই টীয়ক গ্ৰাম্য চিকিৎসালয়ৰ ভিতৰভাগ জলমগ্ন হৈ পৰে । লগে লগে পানীৰ ফলত বিকল হৈ পৰে এক্সৰে মেচিন  ৷ ফলত বৰষুণৰ পানীৰে একাঠু হয় চিকিৎসালয়ৰ কক্ষসমূহ ।

বিগত সময়চোৱাত এই চিকিৎসালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ তথা আবেদন নিবেদন কৰাৰ পাচতো কোনো পৰিৱৰ্তন নহ’ল চিকিৎসালয়খনৰ । চিকিৎসালয়খনলৈ ৰোগী আহে যদিও এনেকুৱা পৰিৱেশত চিকিৎসা সেৱা আগবঢ়াবলৈ অপাৰগতা প্ৰকাশ কৰে কৰ্মচাৰীয়ে ।

ইপিনে চিকিৎসালয়খনত পৰ্যাপ্ত চিকিৎসকৰ অভাৱ হোৱাৰ বাবে নিশালৈ অসুবিধাত পৰে ৰোগীসকল ।

লগতে পঢ়ক: ৰঙিয়াত বৰলীয়া নৈৰ কালৰূপ : জলবন্দী প্ৰায় 250 টা পৰিয়াল - ASSAM FLOOD 2024

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.