টীয়ক এফ আৰ ইউত আছুৰ প্ৰতিবাদ

🎬 Watch Now: Feature Video

thumbnail

টীয়ক : টীয়কৰ একমাত্ৰ চিকিৎসালয় টীয়ক এফ আৰ ইউত আছুৰ প্ৰতিবাদ । চিকিৎসালয়খনত ১১ বজা পৰ্যন্ত উপস্থিতি নহয় চিকিৎসক-কৰ্মচাৰী । ৰোগীৰ দুৰ্দশাৰ সময়তো খোদ ভাৰপ্ৰাপ্ত চিকিৎসকগৰাকীয়ে চিকিৎসালয়ত উপস্থিত নাথাকে । যাৰ বাবে টীয়ক আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

শুকুৰবাৰেও ভাৰপ্ৰাপ্ত বিষয়াগৰাকী নিৰ্ধাৰিত সূচী অনুসৰি পুৱা ৮ বজাৰ পৰা কৰ্তব্যত উপস্থিত থাকিব লাগিছিল যদিও ১২ বজা পৰ্যন্ত উপস্থিত নাই । আনহাতে, দৰৱ, বেজী মজুত থকাৰ পাছতো ৰোগীক দিবলৈ কৰ্মচাৰীৰ এলাহৰ অভিযোগ । ইয়াৰ উপৰি বৃহত্তৰ টীয়ক অঞ্চলৰ চিকিৎসা সেৱাৰ একমাত্ৰ ভৰসা টীয়ক এফ আৰ ইউৰ আন্তঃগাঁথনিও জহি-খহি গৈছে ।  

চকু চিকিৎসাৰ বাবে চিকিৎসকৰ ৰোগী চোৱা যি সময়সূচী সেয়াও উপযুক্তভাৱে নিৰ্ধাৰণ নকৰাৰো অভিযোগ সময়ে সময়ে উত্থাপিত হয় । নিজৰ ইচ্ছা অনুযায়ী ৰোগী চোৱাৰ সময় নিশা ৮ বজাৰ পৰা পুৱা ৮ বজালৈ হোৱা বাবে ৰোগী উপকৃত হ'ব পৰা নাই ।

সেয়ে এই বিষয়সমূহ গুৰুত্বসহকাৰে লৈ ব্যৱস্থা গ্ৰহণৰ দাবীৰে শুকুৰবাৰে আছুৱে এই প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক :নিমাতীঘাটত কেৱল মানুহ আৰু মানুহ... লক্ষ্য মাজুলীৰ ৰাস !
লগতে পঢ়ক :শ্ৰমিক নেতা গংগাৰাম ক’ল হত্যাকাণ্ডৰ ফাইল পুনৰ খুলিলে চি বি আয়ে

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.