চামগুৰিৰ শালপাৰাত উত্তেজনাপূৰ্ণ পৰিস্থিতি: ৰকিবুল-তানজিলক খেদিলে ৰাইজে - SAMAGURI BYE ELECTION

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 3:40 PM IST

চামগুৰি : উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে চামগুৰি সমষ্টিৰ শালপাৰাত উত্তপ্ত পৰিস্থিতি । গ'-বেক ধ্বনিৰ সন্মুখীন তানজিল হুছেইন, ৰকিবুল হুছেইন । লৰিৰমুখত ভোটাধিকাৰ সাব্যস্ত কৰি শালপাৰাৰ ভোটকেন্দ্ৰত ৰকিবুল হুছেইন আৰু কংগ্ৰেছ প্ৰাৰ্থী তানজিল হুছেইন উপস্থিত হোৱাৰ লগে লগে একাংশই গ' বেক ধ্বনি দি উত্তাল কৰি তোলে পৰিবেশ ।  

লগে লগে ৰকিবুল হুছেইনসহ তানজিল হুছেইনে উক্ত স্থান এৰি পলায়ন কৰে । কিন্তু ৰকিবুল হুছেইনৰ লগত থকা প্ৰেছ লিখা এখন বাহনত আক্ৰমণ উত্তেজিত জনতাৰ । বাহনখনৰ আইনা ভাঙি চূড়মাৰ কৰে উত্তেজিত লোকে । কংগ্ৰেছ কৰ্মী আৰু বিজেপি কৰ্মীৰ মাজত মাৰপিটৰ ঘটনাও সংঘটিত হয় । চামগুৰিৰ শ'লমাৰীৰ ৮৯ আৰু ৯০ নং ভোটকেন্দ্ৰত সংঘটিত হয় এই ঘটনা । ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা ।

আনহাতে, চামগুৰিৰ উপ-নিৰ্বাচনৰ ভোটকেন্দ্ৰৰ পৰিস্থিতিৰ বুজ লয় নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে । তেওঁ কয়, "চামগুৰিৰ সকলো ভোটকেন্দ্ৰত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ চলি আছে । শ'লমাৰীত সংঘটিত ঘটনাৰ লগত জড়িতসকলক বিশেষ শাস্তি প্ৰদান কৰা হ'ব । আনহাতে, পূব শালপাৰাত সাংবাদিকৰ ওপৰত সংঘটিত আক্ৰমণৰ ঘটনাৰ সঠিক তদন্ত কৰি আক্ৰমণকাৰীৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণৰ আশ্বাস আৰক্ষীৰ ।

লগতে পঢ়ক :আজি পাঁচটা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন; ইভিএমত বন্দী হ’ব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য
লগতে পঢ়ক :ধলাইত ভোটগ্ৰহণ অব্যাহত: বিজেপি প্ৰাৰ্থী নীহাৰ ৰঞ্জন দাসৰ নাম নাই ভোটাৰ তালিকাত !

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.