মৰিগাঁও ৫ জুলাই : মৰিগাঁও চহৰস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানত জাননী নিদিয়াকৈ উচ্ছেদ অভিযান চলোৱাত শুক্ৰবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । মৰিগাঁও চহৰত অনুমোদন হৈছে গৌৰৱ পথ নামেৰে এটা নতুন পথ । ইয়াৰ বাবে জিলা প্ৰশাসনে চহৰখনত গৌৰৱ পথৰ দুয়োফালে থকা ক্ষুদ্ৰ ব্যৱসায়ী সকলক উচ্ছেদৰ আগজাননী প্ৰেৰণ কৰে । ইয়াৰ অংশৰূপে মৰিগাঁও বিহুতলীত গণেশ এন্টাৰপ্ৰাইজ নামৰ বস্ত্ৰ বিপণিখলৈ জিলা প্ৰশাসনে জাৰি কৰিছিল জাননী । পিছে ইয়াৰ বিপৰীতে আজি কোনো ধৰণৰ জাননী জাৰি নকৰাকৈ অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ বাণিজ্যিক পামৰ (ASIDC) এলেকাধীন দোকানত উচ্ছেদ অভিযান চলোৱাত ক্ষুব্ধ হৈ পৰে ব্যৱসায়ীসকল । উত্তেজিত ব্যৱসায়ীসকলে প্ৰশাসনৰ লোকক কয়এই উচ্ছেদ চলাবলগীয়া হলে আমাৰ দেহৰ ওপৰৰে বুলডজাৰ চলাব লাগিব । অসম ক্ষুদ্ৰ উদ্যোগ উন্নয়ন নিগমৰ বাণিজ্যিক পামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযান লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । উল্লেখ্য যে মৰিগাঁও জিলা প্ৰশাসনে মৰিগাঁও ভিআইপি পুলিচ পইন্টৰ পৰা জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়লৈকে অসম গৌৰৱ পথৰ নিৰ্মাণকাৰ্য আৰম্ভ কৰিছে ।লগতে পঢ়ক:নলা বন্ধ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল পৌৰ নিগমৰ বিষয়া - Guwahati Municiapal Corporationভেণ্ডিং জ’নৰ ব্যৱস্থা নকৰালৈকে উচ্ছেদ বন্ধ ৰখাৰ দাবী পদপথ ব্যৱসায়ী সংস্থাৰ - Street Vendors In Guwahati