মুখ্যমন্ত্ৰীৰ সন্মুখতেই শিলচৰ চিকিৎসা মহাবিদ্য়ালয়ত অস্থায়ী কৰ্মীৰ প্ৰতিবাদ - Protest in SMCH - PROTEST IN SMCH
🎬 Watch Now: Feature Video
Published : Aug 24, 2024, 4:08 PM IST
শিলচৰ, ২৪ আগষ্ট : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল পৰিদৰ্শন কৰাৰ সময়ত চিকিৎসা মহাবিদ্য়ালয়খনৰ অস্থায়ী কৰ্মীসকলে এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ কাৰ্যালয় কক্ষৰ বাহিৰত অস্থায়ী কৰ্মীসকলে ধৰ্ণা কাৰ্যসূচীৰে তেওঁলোকৰ দাবী পূৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীক আহ্বান জনায় ।
উল্লেখ্য যে, শনিবাৰে পুৱাই শিলচৰ চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । চিকিৎসা মহাবিদ্য়ালয় হাস্পতালখনৰ নতুন আই চি ইউ উদ্বোধনৰ লগতে মহাবিদ্য়ালয়ৰ কাম-কাজ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়গৰাকীয়ে ।
মহাবিদ্য়ালয়খনত মুখ্যমন্ত্ৰীৰ উপস্থিতিৰ খবৰ লাভ কৰি অস্থায়ী কৰ্মীসকলে তেওঁলোকৰ বিভিন্ন দাবী পূৰণ কৰিবলৈ মুখ্য়মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে । কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসা মহাবিদ্য়ালয়খনৰ অধ্যক্ষক সাক্ষা কৰিবলৈহে অস্থায়ী কৰ্মীসকলক কয় ।
ইয়াতে ক্ষুব্ধ হৈ পৰে প্ৰতিবাদকাৰীসকল । ইয়াৰ পিচতেই তেওঁলোকে অধ্যক্ষৰ কাৰ্যালয়ৰ সম্মুখতে ধৰ্ণা দি সাব্যস্ত কৰে প্ৰতিবাদ । এই ধৰ্ণাৰ সময়ত মুখ্যমন্ত্ৰীগৰাকী অধ্যক্ষৰ কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত মিলিত হৈ আছিল । উক্ত ধৰ্ণা কাৰ্যসূচীৰ সময়তেই চিকিৎসা মহাবিদ্য়ালয়খনৰ কৰ্তৃপক্ষই তেওঁলোকৰ লগত আলোচনাত মিলিত হৈ বিভিন্ন দাবী সম্বলিত এখন স্মাৰকপত্ৰ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীৰ হাতত অৰ্পণ কৰে ।