কলিয়াবৰত কিশোৰৰ সলিল সমাধি - Teenager Death By Drowning - TEENAGER DEATH BY DROWNING
🎬 Watch Now: Feature Video


Published : Jul 9, 2024, 7:44 PM IST
কলিয়াবৰ, ৯ জুলাই : কলিয়াবৰৰ চিকনি বৰহোলাত কিশোৰৰ সলিল সমাধি । সোমবাৰে বিয়লি পথাৰত জাল পাতিবলৈ গৈ ভৰি পিচল খাই দ' খাৱৈত পৰি যোৱাত আয়ব আলী নামৰ কিশোৰজনৰ মৃত্য়ু হয় । বিশ্বনাথ চাৰিআলিৰ পৰা পিতৃৰ কৰ্মস্থলী কলিয়াবৰৰ চিকনি বৰহোলালৈ আহিছিল আয়ব । কালি পিতৃৰ অজ্ঞাতে মাছ ধৰিবলৈ গৈছিল ১৬ বছৰীয়া কিশোৰজন ।
কিশোৰজন ঘৰত বহু সময় উপস্থিত নথকাত পিতৃৰ লগতে ওচৰ চুবুৰীয়াই বিচাৰ-খোচাৰ কৰে । অৱশেষত পথাৰলৈ যোৱা আলিত ভৰি পিচল খোৱাৰ চিন প্ৰত্যক্ষ কৰে । পিতৃয়ে পথাৰৰ আলিৰ কাষতে থকা দ' খাৱৈৰ পানীত চাওতেই প্ৰত্য়ক্ষ কৰে এটা মৃতদেহ । মৃতদেহ উদ্ধাৰ কৰাৰ পাচতেই আয়ব আলি বুলি চিনাক্ত কৰে পিতৃয়ে ।