জোনাইত গৰ্ভৱতী মহিলাসহ কিশোৰী নিৰুদ্দেশ - Missing case in Jonai

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 5:25 PM IST

thumbnail
জোনাইত গৰ্ভৱতী মহিলাসহ কিশোৰী নিৰুদ্দেশ (ETV Bharat Assam)

জোনাই,১৭ জুলাই: ইটোৰ পিচত সিটোকৈ মহিলা তথা যুৱতী সন্ধানহীন হোৱা ঘটনাই চিলাপথাৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে । এইবাৰ চিমেন চাপৰি থানাৰ অন্তৰ্গত আটকপুৰ গাঁৱৰ এগৰাকী মহিলাসহ এগৰাকী ১৪ বছৰীয়া কিশোৰী ৰহস্যজনকভাৱে সন্ধানহীন হোৱা ঘটনাই অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।  

পৰিয়ালৰ লোকে জনোৱা অনুসৰি মহিলাগৰাকী পাঁচ মাহৰ গৰ্ভৱতী হৈ আছিল । কিছুদিন ধৰি পেটৰ বিষ হৈ থকা বাবে গাঁৱৰে এগৰাকী আশাকৰ্মীৰ ওচৰলৈ যাও বুলি লগত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকীক লৈ গৈছিল । কিন্তু বহু সময় পাৰ হৈ যোৱাৰ পিচতো ঘৰলৈ উভতি নহাত ঘৰৰ মানুহে বহু বিচাৰ-খোচাৰ কৰি কোনো সন্ধান লাভ নকৰাত চিমেন চাপৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । ইফালে আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা হাতত লোৱা নাই বুলিও অভিযোগ উত্থাপন কৰে দুৰ্ভগীয়া পৰিয়ালটোৱে । শীঘ্ৰে মহিলাগৰাকী আৰু কিশোৰীগৰাকীক উদ্ধাৰ কৰিবলৈ প্ৰশাসনক আহ্বান জনাই পৰিয়ালৰ লোকে । 

লগতে পঢ়ক: 12 দিনে সন্ধানহীন এগৰাকী ছাত্রীৰ : মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান দৰিদ্ৰ পিতৃ-মাতৃৰ - Missing Case

মৰিয়নীৰ পৰা প্ৰায় এমাহ ধৰি সন্ধানহীন দুই ছাত্ৰী - Student Missing Case

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.