প্ৰাপ্য বিচাৰি গহপুৰ হেলেম চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ - Tea workers protest - TEA WORKERS PROTEST
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-05-2024/640-480-21481916-thumbnail-16x9-bis.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : May 16, 2024, 1:31 PM IST
বিশ্বনাথ, ১৬ মে’ : দীৰ্ঘদিন ধৰি নিজৰ উচিত প্ৰাপ্য পৰা বঞ্চিত হৈ আহিছে বাগিচাৰ চাহ শ্ৰমিকসকল । আনকি বৰ্তমান সময়তো এজন শ্ৰমিকে দৈনিক মজুৰি যিমান পাব লাগে সেয়া সম্ভৱ হৈ উঠা নাই ৷ এই অভিযোগ চাহ বাগিচাৰ শ্ৰমিকসকলৰ ৷ সেয়ে পুনৰ নিজৰ প্ৰাপ্যৰ দাবীত গহপুৰ মহকুমাৰ ৯ খনকৈ চাহ বাগিচাৰ শ্ৰমিকৰ লগতে হেলেম চাহ বাগিচাৰ কাৰ্যালয়ৰ সন্মুখতো চাহ জনগোষ্ঠীৰ সংগঠন আটছা, চাহ মজদুৰ সংঘই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।
আজি (বৃহস্পতিবাৰ) পুৱা ১০ বজাত চাহ জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বত ৯ খনকৈ বাগিচাৰ শ্ৰমিকসকলে পৃথকে পৃথকে সাব্যস্ত কৰে প্ৰতিবাদ । ইফালে প্ৰতিবাদী চাহ শ্ৰমিকৰ দাবী শীঘ্ৰে শ্ৰমিকসকলক উপযুক্ত প্ৰাপ্য মজুৰি যদি বাগিচা কৰ্তৃপক্ষই প্ৰদান নকৰে, তেন্তে অনাগত সময়ত চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে আন এক আন্দোলন গঢ়ি তোলা হ’ব ৷
ইয়াৰ উপৰিও প্ৰতিবাদী শ্ৰমিকসকলে হেলেম চাহ বাগিচাৰ কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলক পৰিস্কাৰ খোৱাপানীৰ ব্যৱস্থা, উন্নত চিকিৎসা সেৱা প্ৰদান, খাদ্য ৰান্ধিবলৈ খৰি যোগান নধৰা আদিৰো অভিযোগ উত্থাপন কৰে ৷
লগতে পঢ়ক : ইটোতকৈ সিটোৰ দামহে চৰা; মূল্যবৃদ্ধিত কোঙা সাধাৰণ জনতা - Price hike in Assam