অসমলৈ আলু কঢ়িওৱা ট্ৰাক পূৰ্বৰ দৰেই প্ৰৱেশ কৰিছে : ৰণজিৎ কুমাৰ দাস - Price hike in Assam - PRICE HIKE IN ASSAM

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:28 PM IST

গুৱাহাটী,১৮ জুলাই: "ৰাজ্যখনত আলু-পিঁয়াজকে ধৰি নিত্য প্ৰয়োজনীয় সকলো সামগ্ৰীৰ যোগান তথা মজুত পৰ্যাপ্ত পৰিমাণে আছে । পশ্চিমবংগ-অসম সীমান্তৰে অসমলৈ অহা আলু কঢ়িওৱা ট্ৰাক পূৰ্বৰ দৰেই প্ৰৱেশ কৰিছে ।" এই মন্তব্য খাদ্য আৰু অসামৰিক যোদান মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ । সংবাদ মাধ্যমত প্ৰকাশিত এক বাতৰি প্ৰসংগত এই কথা স্পষ্ট কৰি খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, "হঠাৎ উদ্ভৱ হোৱা আন্তঃৰাজ্যিক সমস্যাৰ কাৰণে মাত্ৰ দুই-তিনি ঘন্টামানৰ বাবেহে আলু কঢ়িওৱা ট্ৰাক পশ্চিমবংগ-অসম সীমান্তৰে ৰাজ্যখনত প্ৰৱেশ কৰিব পৰা নাছিল । কিন্তু এই সমস্যা লগে লগে অন্ত পৰাত অসমলৈ আলু কঢ়িওৱা ট্ৰাকবোৰে পূৰ্বৰ দৰে প্ৰৱেশ কৰিছে ।"  

লগতে তেওঁ কয়, "অতি কম সময়ৰ বাবে উদ্ভৱ হোৱা এনে পৰিস্থিতিৰ কোনো নেতিবাচক প্ৰভাব ৰাজ্যখনৰ আলু-পিঁয়াজ বা নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত নপৰে । " তেওঁ লগতে কয় যে জিলা পৰ্যায়ত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ ষ্টক নিয়মীয়াকৈ পৰ্যবেক্ষণ কৰি থকা হৈছে । এনে ঘটনাৰ সুযোগ লৈ কোনো অসাধু ব্যৱসায়ীয়ে যাতে আলু-পিঁয়াজ আদিৰ মূল্যবৃদ্ধি বা অবৈধভাৱে মজুত কৰিব নোৱাৰে তাৰ বাবে মন্ত্ৰী দাসে জিলা প্ৰশাসন সমূহক চোকা দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিয়ে । 

লগতে পঢ়ক: সুলভ মূূল্যৰ ব্যৱসায়ীৰ কমিছনৰ ১৮০ কোটি টকা মুকলি : ৰণজিৎ কুমাৰ দাস - air price shop owner

দাম দিলেও পাচলি নোপোৱা অৱস্থা, উৎসতেই বৃদ্ধি মূল্য় - vegetable PRICE HIKE

নিয়ন্ত্ৰণহীন ৰাজ্যৰ পাচলিৰ বজাৰ : হোৰাহোৰে বাঢ়িছে দাম - price hike in assam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.