জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছাত্ৰ: আৰোগ্য নোহোৱাকৈয়ে যাবলৈ দিয়া হ’ল AMCHৰ পৰা - Japanese Encephalitis in Assam

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 10:30 PM IST

thumbnail
জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত চিলাপথাৰৰ ছাত্ৰ (ETV Bharat Assam)

জোনাই, ২০ জুলাই : ৰাজ্যৰ ভিন্ন প্ৰান্ত দেখা দিছে জাপানীজ এনকেফেলাইটিছসদৃশ ৰোগে ৷ এই ৰোগ ভয়ংকৰভাৱে বিয়পিছে চিলাপথাৰত ৷ তথাপি স্বাস্থ্য বিভাগে বিষয়টোত গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে ৷

ধেমাজি নৱোদয় বিদ্যালয়ৰ এগৰাকী ১২ বছৰীয়া ছাত্ৰও এই ৰোগত আক্ৰান্ত হয় ৷ ফলত বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱকক চমজাই দিয়ে ছাত্ৰজনক ৷ সপ্তম শ্ৰেণীৰ ছাত্ৰ চাজন চুবেদিক ২ জুলাইত  চমজাই দিয়াৰ পিচত অভিভাৱকে ছাত্ৰজনক স্থানীয় চিকিৎসালয়ত চিকিৎসা কৰোৱায় যদিও আৰোগ্য নহ’ল ৷ পৰৱৰ্তী সময়ত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ছাত্ৰজন চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয় ৷ চিকিৎসা মহাবিদ্যালয়খনৰ আই চি ইউত কেবাদিনো ৰখাৰ পিচত শুকুৰবাৰে ঘৰলৈ যাবলৈ দিয়া হয় ছাত্ৰজনক ৷

চিকিৎসাৰ পিচতো ছাত্ৰজনৰ স্বাস্থ্যৰ অৱস্থা অলপো উন্নত হোৱা নাই ৷ বৰ্তমানো ছাত্ৰজনে মাজে-সময়ে প্ৰলাপ বকা ঘটনাই চিন্তিত কৰি তুলিছে পৰিয়ালটোক ৷ ইয়াৰ পিচতো স্বাস্থ্য বিভাগৰ কোনোলোকে ছাত্ৰজনৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷

লগতে পঢ়ক : কাৰ্বি আংলঙত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ছয়

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.